ASSAM TIMES POST
নগাঁও: প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰ সমষ্টিৰ বিভিন্ন স্থানত কালি আৰু আজি দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰে । সমষ্টিটোৰ বিভিন্ন আঞ্চলিকত এই সামগ্ৰী সমূহ বিতৰন কৰা হয় বুলি অগপৰ নগাঁও জিলা সমিতিৰ সাধাৰন সম্পাদক নিৰঞ্জন বৰাই জানিবলৈ দিয়ে। অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও বাছ আস্থানৰ বিষয়া কৰ্মচাৰী সকলে শতাধিক দৰিদ্ৰ পৰিয়াললৈ চাউল, দালি , মিঠাতেল আদি সামগ্ৰী বিতৰন কৰে।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিষয়া- কৰ্মচাৰী সকলে এই সাহাৰ্য বিতৰন কৰে। ১২৮ নং পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰা, শিক্ষয়িত্ৰী বিজু শইকীয়া, চিত্ৰলেখা বৰা, মাৰোৱাৰী হিন্দী হাইস্কুলৰ শিক্ষক সুৰেন্দ্ৰ মিশ্ৰ আৰু ক্ষীৰোদ শইকীয়াই দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ইপিনে, নগাঁও চহৰৰ সমীপৰ মাৰ্কাজ একাডেমী নগাঁৱৰ তৰফৰ পৰা আঠ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত এই সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হয়।
স্থানীয় চিলঙনী, সোনাইঘাট, চলচলি, ভকতগাঁও, কাতিমাৰী গ্ৰান্ট, শিমলুগুৰী আদি এলেকাৰ এই দৰিদ্ৰ লোক সকলৰ মাজত চাউল, মিঠাতেল, পিয়াঁজ, চেনি, শাক পাচলি আদি খাদ্য সামগ্ৰীৰ একোটাকৈ গোপোলা বিতৰণ কৰা হয়। শিক্ষানুষ্ঠানটো সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ এনে সন্মিলিত মহানুভতাক সকলোৱে প্ৰশংসা কৰিছে।













