ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
দেশব্যাপি চলি থকা লক-ডাউনৰ সময়ৰ পূৰ্ণ সুযোগ গ্ৰহণৰ বাবে যেন অপেক্ষাৰত দুস্কৃতিকাৰী। ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত ২৯ জনৰ এজনৰ মৃত্যু ঘটিছে আৰু সৰ্বাধিক আক্ৰান্ত সকলেই হৈছে বোকাখাতৰ গৃহ জিলা গোলাঘাটৰ।
তথাপি যেন বোকাখাতৰ একাংশ এতিয়াও বে-পৰোৱা। লক-ডাউন উলংঘা কৰা এইসকলৰ প্ৰতি সেয়েহে অতীষ্ঠ হৈ পুনৰ কঠোৰ হৈছে বোকাখাতৰ আৰক্ষী। আজি বোকাখাতৰ যান-বাহন শাখাৰ আৰক্ষীয়ে বোকাখাতত লক-ডাউনৰ পথত বাইক-স্কুটি লৈ টিঘিলঘিলাবলৈ অহা ৪০ খন দুচকীয়া বাহন জব্দ কৰিছে। আজি জব্দ কৰা বাহন সমূহৰ আৰোহীয়ে ওলাই অহাৰ বিভিন্ন অজুহাত দেখুৱাইছে যদিও কোনেও আৰক্ষীক বিশ্বাসযোগ্য একো প্ৰমাণ ডাঙি ধৰিব পৰা নাই।
তদুপৰি একাংশ দুচকীয়া বাহনে কাৰোবাৰ বিশেষ অনুগ্ৰহত উলিয়াই লোৱা চলাচলৰ অনুমতি পত্ৰ বাইক বা স্কুটিৰ আগফালে লগাই মদ আৰু ভাং সৰবৰাহকে ধৰি কিছু অসামাজিক কামত জড়িত হৈ পৰাৰো অভিযোগ উঠিছে।













