ASSAM TIMES POST
ডিফু : লকডাউনৰ বাবে সাধাৰণ জনতাৰ অপৰিসীম অভাৱ আৰু সমস্যাৰ সন্মূখীন হোৱাৰ সময়ত ডিফুৰ পানবাৰীত একাংশ চৰকাৰী কৰ্মচাৰীয়ে আৰ্তজনৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷
প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ ওচৰৰ পানবাৰীৰ ৰংবিথি তিৰি ইংলেং আৰঙৰ ২৫ গৰাকী শ্ৰমিকে এলেকাটোৰ ৬৫ ঘৰ মানুহৰ মাজত ৫ কেজিকৈ চাউল দিয়াৰ লগতে ডাইল, পিয়াজ, নিমখ আৰু মিঠাতেল বিতৰণ কৰে ৷













