ASSAM TIMES POST
বোকাখাত : বিগত অৰ্দ্ধ দশকটোত বোকাখাতত এক সেউজ নৱজাগৰণৰ সূত্ৰপাত কৰি আহিছে এদল প্ৰকৃতিপ্ৰেমী আৰু সমাজপ্ৰেমী নৱীন প্ৰৱীণক লৈ জন্ম গ্ৰহণ কৰা গ্ৰাছ, বোকাখাত নামৰ প্ৰকৃতি বিষয়ক স্বেচ্ছাসেৱী সংগঠনটোৱে। ২০১৫ বৰ্ষৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনা, অৰ্থাৎ ৫ জুনত জন্ম গ্ৰহণ কৰা গ্ৰাছ, বোকাখাতে অতি নিষ্ঠাৰে বোকাখাত আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত সেৱা আগবঢ়াই আহিছে প্ৰকৃতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত।
সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্ব কঁপাই তুলি মানৱ সভ্যতাক মষিমূৰ কৰিবলৈ উদ্যত হোৱা পৃথিৱীৰ মহামাৰী ৰূপে পৰিগণিত ন’ভেল কৰোনা ভাইৰাচৰ সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰে লক-ডাউনৰ দৰে যি কঠোৰ ব্ৰত লৈছে তাৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি দি এই সময়ত বোকাখাত মহকুমা প্ৰশাসন, চিকিৎসা বিভাগ, আৰক্ষী প্রশাসন, সাংবাদিক সকলৰ লগতে নিজৰ জীৱনক তুচ্ছ কৰি জনসাধাৰণৰ সুৰক্ষাৰ খাতিৰত দিনে নিশাই নিয়াৰিকৈ গ্ৰাছেও সমাজলৈ যৎপৰোনাস্তি সেৱা আগবঢ়াইছে।
জন্ম লগ্নৰে পৰা প্ৰায় ৬০,০০০ গছপুলি ৰোপণ কৰি এক শক্তিশালী সেউজ বিপ্লৱ গঢ়ি তুলি প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাত সহায়ক গ্ৰাছৰ গােলাঘাট জিলাখনত থকা প্রায় ৩,৭০০ জন ইচ্ছুক সদস্য লক-ডাউনৰ কালচোৱাত স্ব-গৃহবন্দী স্বত্তেও জিলা প্রশাসনৰ প্রয়ােজন সাপেক্ষে এই সংকটৰ সময়ত সেৱা আগবঢ়াবলৈ সাজু হৈ আছে। বিশেষকৈ কৰ’ণা প্ৰতিৰোধৰ বাবে আশাসুধীয়া প্ৰচেষ্টাত ব্ৰতী বােকাখাতৰ মহকুমাধিপতি বিবেক শ্যামলৈ সহায়ৰ হাত আগবঢ়াবলৈ কাজিৰঙা, বোকাখাত, মহুৰা আৰু ৰঙামাটি মৌজা গ্রাছৰ ৩৫০ জন সক্রিয় সদস্য বাট চাই আছে বুলি জনাইছে সংগঠনটোৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই।
একো একোজন প্ৰহৰী হৈ সকলােৱে ব্যক্ত কৰিছে এই সংকটৰ সময়ত দেশ তথা সমাজৰ সেৱা কৰাৰ মনােভাৱ। লক ডাউন ঘোষণা কৰাৰ দিনাৰ পৰাই গ্ৰাছে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত সংগঠনটোৰ উপ সভাপতি সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত আৰু বোকাখাতৰ এগৰাকী মানৱ-দৰদী সমাজকৰ্মী তথা ব্যৱসায়ী বিমল কুমাৰ মৌৰৰ সহযোগত বাট-পথ, পদূলি আৰু ৰাজহুৱা স্থানসমূহত ছেনিটাইজেশ্যন আৰু সজাগতাৰ কাম কৰি আহিছে ।
আজি গ্ৰাছ, বোকাখাতৰ উদ্যোগত আৰু ক্ৰমে গ্ৰাছৰ কাজিৰঙা মৌজা শাখা আৰু কঁহৰা বৃহত্তৰ ব্যৱসায়ী শাখাৰ সহযোগত কাজিৰঙা মৌজাৰ অন্তৰ্গত বিভিন্ন স্থানত এলানি চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন হৈ যায়। অনুষ্ঠানটোৰ সদস্য সকলে ল’ব লগীয়া সাৱধানতা অৱলম্বনেৰে সামাজিক দূৰত্ব বজাই ৰাখি ফেণাইল, ব্লিচিং পাওদাৰ আৰু ডেটল আদি পৰিস্কৰণ পদাৰ্থৰে প্ৰস্তুত কৰা চেনিটাইজাৰ লৈ কাজিৰঙাৰ বিভিন্ন পৰ্যটন অঞ্চল, মিহিমুখৰ বনকৰ্মী সকলৰ আবাসিক অঞ্চল, লক-ডাউনৰ বাবে বন্ধ হৈ থকা কাজিৰঙাৰ হাতী চাফাৰীৰ গাদী সমূহ জমা হৈ থকা অঞ্চল, কাজিৰঙা গাঁও পঞ্চায়তৰ কাৰ্যালয়, অংগনবাদী কেন্দ্ৰ, শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠান প্ৰাংগন, কাজিৰঙাৰ সমীপৰ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাতী পাথৰৰ গণেশ মন্দিৰ প্ৰাংগনকে ধৰি অঞ্চলটোৰ মন্দিৰ-মছজিদ আদি ধৰ্মীয় অনুষ্ঠানৰ প্ৰাংগন, বিভিন্ন পৰ্যটন অঞ্চল আৰু বনভোজথলী, কাজিৰঙা জীপ চাফাৰী সন্থাৰ কাৰ্যালয় আৰু টিকট কাউণ্টাৰ
প্ৰাংগনকে আদি কৰি কাজিৰঙা মৌজাৰ সমূহ ৰাজহুৱা অনুষ্ঠানত আজি চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন কৰে। আজিৰ কাৰ্যসূচীত গ্ৰাছ, বোকাখাতৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, উপসভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে একাংশ কাৰ্যনিৰ্বাহক সদস্য, গ্ৰাছৰ কাজিৰঙা শাখাৰ সভাপতি সম্পাদক ক্ৰমে চন্দন নাথ আৰু ৰূপজ্যোতি অধ্যাপক, উপসভাপতি নিতুল গগৈ, সাংগঠনিক সম্পাদক অনুজ বেণুৱাৰ, একাংশ কাৰ্যনিৰ্বাহক সদস্য, কাজিৰঙা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য ৰঞ্জন ৰাজখোৱা, সমাজকৰ্মী বিমল মৌৰ আদি উপস্থিত থাকি অঞ্চলটোত চেনিটাইজেচন কৰে।
উল্লেখ্য যে গ্ৰাছৰ নীতি আদর্শৰ প্ৰতি আকৰ্ষিত হৈ গ্ৰাছৰ সদস্য পদ গ্ৰহণ কৰা বিমল মৌৰৰ ওতঃপ্ৰোত প্ৰচেষ্টাত যোৱা ৯ এপ্ৰিলত গ্ৰাছৰ মহুৰা মৌজা আৰু ৰঙা মাটি মৌজা শাখাৰ আমন্ত্ৰণ ৰক্ষা কৰি সেই অঞ্চলৰ মহুৰা, বংকুৱাল , নামটেমেৰা, বালিচাপৰি, নদীগাওঁ, বৰ্তিক , অফলা , বৰতল , ভেলুগুৰি আদি ঠাইত চেনিটাইজাৰৰ কাম কৰা হয়। বনানীকৰণৰ লগতে সমাজৰ সৰ্বতোপৰি কল্যানত ব্ৰতী স্বেচ্ছাসেৱী সংগঠনটোৰ ফালৰ পৰা ৰাইজৰ যিকোনো সাহায্য বাবে ৯৪৩৫০৬৪৪৩৯, ৭০০২৮৪৯৭৭৩, ৯১০১০৬৯৯৬৯ ফোন নম্বৰলৈ যোগাযোগ কৰিবলৈ গ্ৰাছ, বোকাখাতৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ৰাইজলৈ আহ্বান জনাইছে।













