ASSAM TIMES POST
নগাঁও : অসম চৰকাৰে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহন কৰা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান, ব্যক্তিয়ে আগবঢ়াই আহিছে আৰ্থিক অনুদান । নগাঁও জিলাতো মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজি আৰু অসম আৰোগ্য নিধিলৈ বিভিন্ন জনে আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে ।
আজি নগাঁৱৰ ছখন নাৰ্চিং হোম কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ ৫০ হাজাৰকৈ মুঠ ৩ লাখ টকা আগবঢ়ায় । সাহাৰ্য আগবঢ়োৱা নাৰ্চিং হোম কেইখন হৈছে ক্ৰমে কপিলী নাৰ্চিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ, জি ডি হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ, নগাঁও নাৰ্চিং হোম, পি কে বি নাৰ্চিং হোম, ডিউ কেয়াৰ নাৰ্চিং হোম, এ জে হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰ । এই চিকিৎসা প্ৰতিষ্ঠান কেইখনৰ কৰ্তৃপক্ষই নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ অনুদানৰ চেক আগবঢ়ায়।
ইপিনে, নগাঁৱৰ ব্যৱসায়ী গোবিন প্ৰজাপতে মূখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ ৭১ হেজাৰ টকাৰ চেক বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে প্ৰেৰণ কৰে । আনহাতে, নগাঁৱৰ বিশিষ্ট শৈল্য চিকিৎসক ডা: বি এম খেদেৰীয়াই ব্যক্তিগত ভাবে ৫০ হেজাৰ টকা জিলা উপায়ুক্তৰ জৰিয়তে আৰু আৰ ডি মটৰ্চৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী কলে ৭৫ হেজাৰ টকা বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ প্ৰেৰন কৰে।













