ASSAM TIMES POST
নগাঁও : মহাৰাষ্ট্ৰত কভিড-১৯ ত আক্ৰান্ত নগাঁৱৰ মৌলানা জহিৰুল ইছলাম (৩০) নামৰ তবলীগ জামাতত থকা যুৱক জনে আজি আত্মহত্যা কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালপাৰা গাঁৱৰ বাসিন্দা হাছেন আলীৰ বিবাহিত পুত্ৰ তথা এটি দুবছৰীয়া কন্যা সন্তানৰ পিতৃ জহিৰুল দহ মাহ মান পূৰ্বে এবছৰীয়া তবলীগ জামাতৰ ব্ৰত পালন কৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ।
তবলীগ জামাতলৈ যোৱাৰ পিছৰে পৰাই যুৱক জনে পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰিছিল । আনকি যোৱা কালিও পৰিয়ালৰ সৈতে ফোনত কথা পাতিছিল বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে । যুৱক জন তবলীগলৈ ওলাই যোৱাৰ পিছত বিভিন্ন ৰাজ্যৰ মছজিদত দিন অতিবাহিত কৰি মহাৰাষ্ট্ৰৰ আকোৱালত এটি মছজিদত থকা অৱস্থাত লক ডাউন ঘোষণা কৰে । পিছত যুৱক জনৰ ছেম্পল টেষ্টত শৰীৰত কৰ’ণা পজিটিভৰ উপস্থিতি ধৰা পৰে ।
সেই অনুসৰি যুৱক জন মহাৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি ৰাতিপুৱা বাৰ্থৰূমত ডিঙিত ব্লেডেৰে ৰেপিয়াই আত্মহত্যাৰ প্ৰচেষ্টা চলায় । পিছত মূমূৰ্ষ অৱস্থাত যুৱক জনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও আজিয়েই শেষ নিশ্বাস ত্যাগ কৰে । ইপিনে চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই যুৱক জনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ পৰা বিতং তথ্য সংগ্ৰহ কৰে ।













