ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
“হাঁচি, কাহ আহিলে চিধাই ইয়াক দমাবলে দৰব নাখাব। কাহ, হাঁচি শৰীৰৰক আবৰ্জনা মুক্ত কৰাৰ এক স্বাভাৱিক প্ৰক্ৰিয়াহে। আমাৰ শৰীৰত প্ৰবেশ কৰিব বিচৰা ভাইৰাছ, বেক্টেৰিয়া, ধুলি আদি দেহৰ পৰা উলিয়াবৰ বাবেই কাহ, হাঁচি মৰাটোৱেই এক স্বাভাৱিক কাৰণ। নাকৰ নোম নিনিচিঙিব।

ই আমাৰ দেহৰ ফাৰ্ষ্ট লাইন অৱ ডিভেঞ্চ।” এই ব্যাখ্যা আগবঢ়াইছে বোকাখাতৰ সাম্প্ৰতিক সমাজ জীৱনৰ সৈতে একাত্ম চিকিৎসক ডাঃ পুলিন চন্দ্ৰ বৰকটকীয়ে। চিকিৎসক গৰাকীয়ে লগতে কয় যে কাহ, হাঁচি আহিলে নাক মুখ ঢ়াকি ল’ব লাগে অন্যৰ সুৰক্ষাৰ বাবে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো এন্টিবায়টিক নিজে কিনি নাখাবলৈ চিকিৎসকগৰাকীয়ে লগতে পৰামৰ্শ আগবঢ়ায়।
আজিৰ পৃথিৱীত এণ্টিবায়টিক ৰেজিচটেঞ্চ এটা ভয়ানক সমস্যা। অৰ্থাৎ এন্টিবায়টিকে বিজানু ধ্বংশ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। এইটো হৈছে কেৱল আমাৰ এন্টিবায়টিকৰ অপব্যৱহাৰৰ কাৰণ। অৱশ্যে সাম্প্ৰতিক কৰ’ণাৰ প্ৰাথমিক লক্ষণ যিহেতু হাঁচি, কাহ গতিকে চিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায় চিকিৎসকগৰাকীয়ে।













