ASSAM TIMES POST
নিউজ ডেস্ক:
দেশজুৰি COVID-১৯ৰ সন্ত্ৰাস।মায়ানগৰী মুম্বাইতো অব্যাহতো আছে কৰ’ণাৰ আতংক।কিন্তু তাৰ মাজতেই এগৰাকী কৰ’ণা আক্ৰান্তই বাচি ল’লে আত্মহননৰ পথ। প্ৰাপ্ত তথ্য অনুসৰি মুম্বাইত চিকিৎসাধীন হৈ থকা ২৯বছৰীয়া এগৰাকী মহিলাই চিকিৎসালয়ৰ শৌচালয়ত চূৰ্ণীৰে আত্মহত্যা কৰে।
হস্পিতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বুধবাৰে ৰাতিপুৱা ৩.৪৫ বজাত এই ঘটনা সংঘটিত হয়।অৱশ্যে স্থানীয় আৰক্ষীৰে বিষয়টো নিজৰ আওতালৈ আনে।কিন্তু এই পৰ্যন্ত মহিলাগৰাকীৰ আত্মহত্যাৰ সঠিক কাৰণ পোহৰলৈ অহা নাই













