ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কমাৰগাঁৱত পহিলা ব’হাগত ব্যতিক্রমী পদক্ষেপঃআৰক্ষী আৰু যুৱ সাংবাদিকক বিহুৱান যাচি ৰঙালী বিহুৰ ওলগ জ্ঞাপন

ASSAM TIMES POST by ASSAM TIMES POST
April 15, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

0 1 e1574345654996 6 1 2 2 7 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

অজন্তা তালুকদাৰ, বােকাখাত : প্রতিজন অসমীয়াক আবেগিক কৰি তোলে হেঁপাহৰ ব’হাগ বিহুটোৱে। কিন্তু ‘অসমীয়া জাতিৰ আয়ুস-ৰেখা, গণ-জীৱনৰ সাহ’ ৰঙালী বিহুটোতাে নিজৰ ঘৰখনলৈ জনসাধাৰণৰ সুৰক্ষাৰ স্বার্থত, কর্তব্যৰ খাতিৰত যাব নােৱাৰা অসমীয়াৰ মৰ্মবেদনা অধিক। মনৰ হেঁপাহ মনতে সামৰি দায়িত্ব আৰু কৰ্তব্য ৰক্ষাৰ বাবে স্বজনৰ সৈতে বিহু উদ্যাপন কৰাৰ মােহ ত্যাগ কৰাসকলৰ ভিতৰত অন্যতম হ’ল আৰক্ষীৰ লােকসকল।

index 2 | ASSAM TIMES POST WhatsApp Image 2020 04 15 at 9.54.12 AM | ASSAM TIMES POST

খাকী পােচাকৰ আঁৰত ৰং-ৰহৈচৰ স্বাভাৱিক প্ৰৱণতাক গাপ দি আৰক্ষীৰ লােকে নিজৰ কৰ্তব্য আৰু দায়িত্ব অতি গুৰুত্ব সহকাৰে পালন কৰি জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত হৈ থাকে। তাতে এইবাৰ সমগ্র বিশ্বৰ লগতে অসমতাে কৰােণা ভাইৰাছৰ আতংক। ভাৰতবর্ষ তথা অসমত ২১ দিনীয়া লক-ডাউন সমাপ্ত নৌ-হওঁতেই কেন্দ্রীয় চৰকাৰে কৰােণা ভাইৰাছৰ ভয়াবহতাৰ প্রতি লক্ষ্য ৰাখি জনসাধাৰণৰ সােণাৱালী জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত পুণৰ ৩ মে লৈকে আগুৱাই দিলে লক-ডাউনৰ শৃংখল।

ফলত অধিক দায়িত্ব বাঢ়িল অসম আৰক্ষীৰ লগতে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত থকা আৰক্ষী সকলৰ। কোনাে এজন আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ পৰা ছুটী লৈ যাব পৰা নাই পৰিয়ালৰ কাষলৈ। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰােণা ভাইৰাছৰ পৰা পৰিত্ৰাণ দিবলৈ, লগতে জনসাধাৰণক সজাগ আৰু সচেতন কৰি ৰখাৰ অন্যতম গুৰু দায়িত্ব কান্ধ পাতি লৈ অতন্দ্র প্রহৰীৰ দৰে সুন্দৰভাৱে কমাৰগাঁও আৰক্ষী থানাৰ আৰক্ষী সকলে দায়িত্ব পালন কৰি থানাতেই এই হেন ব’হাগ বিহুটো পাৰ কৰিব লগা হৈছে এই সকল কর্তব্যপৰায়ণ আৰক্ষীয়ে।

কিন্তু স্বদেশৰ মানুহৰ বৃহৎ স্বার্থতে কোনাে আক্ষেপ নাই এই সকল কমাৰগঁঞা আৰক্ষীৰ। এই সকল আৰক্ষীক তেওঁলােকৰ ত্যাগ আৰু কৰ্তব্য নিষ্ঠাৰ প্রতি শ্রদ্ধা জনাই কমাৰগাঁৱৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্রজন্ম’ই পহিলা ব’হাগৰ দিনা একোখনকৈ বিহুৱান আৰু একোটিকৈ মাস্ক প্রদান কৰি কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ, আৰক্ষী বিষয়া ছাহজাহান আলি, সহকাৰী উপ-পৰিদৰ্শক জিয়াউল ইছলাম সহিতে ৩০ গৰাকী আৰক্ষীক ৰঙালী বিহুৰ ওলগ জনায়। ‘প্ৰজন্ম’ৰ হৈ উপদেষ্টা গােলাপ বৰা, তৰুন কাকতি, সভাপতি ৰিণ্টু দুৱৰা, সম্পাদক সাগৰজ্যোতি হাজৰিকা, ক্ৰমে লাচিত কাকতি, শচীন বৰা, নয়নজ্যোতি বাৰুকিয়ালকে আদি কৰি সদস্য সকলো উপস্থিত থাকে। ইফালে কমাৰগাঁৱৰ মধ্য মহুৰা পঞ্চায়ত পৰিষদেও কমাৰগাঁও আৰক্ষীক পহিলা ব’হাগৰ দিন একোখনকৈ বিহুৱানেৰে ৰঙালী বিহুৰ ওলগ জনায়।

বিগত সময়চোৱাত কমাৰগাঁও আৰক্ষীৰ কমাৰগাঁৱৰ সমাজলৈ প্ৰদান কৰা অৰিহনাত অতিকৈ সুখী কমাৰগাঁওবাসী ৰাইজৰ লগতে মধ্য মহুৰা পঞ্চায়ত পৰিষদ। উল্লেখ্য যে বিশ্বত আতংকৰ সৃষ্টিকাৰী কৰােণা ভাইৰাছৰ সংক্ৰমণৰ ফলত কেন্দ্রীয় চৰকাৰে দেশ ব্যাপি ঘােষণা কৰা লক-ডাউন বর্তমানেও অব্যাহত আছে। তেনে এক কঠিন সময়ত ৰাইজক কৰােণা ভাইৰাছৰ পৰা মুক্ত হৈ থাকিবলৈ সজাগ সচেতন কৰাত অতি ক্ষিপ্রতাৰে কাম কৰাৰ লগতে আর্তজনক খাদ্য সামগ্রী প্রদান কৰি এক মানবীয় কার্য্য সম্পাদন কৰি কমাৰগাঁওবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে কমাৰগাঁও আৰক্ষী।

এইসকল আৰক্ষীক কিছু উৎসাহ আৰু উদ্দীপনা জনাবলৈ মধ্য মহুৰা পঞ্চায়ত পৰিষদে পহিলা ব’হাগৰ দিনা কমাৰগাঁও আৰক্ষী থানাৰ সমূহ আৰক্ষীক একোখনকৈ বিহুৱান যাচি ৰঙালী বিহুৰ ওলগ জনায়। এই অনুষ্ঠানত মধ্য মহুৰা পঞ্চায়ত পৰিষদৰ হৈ চন্দ্ৰ ফুকন, প্রদীপ দাস, তেজস্বী ফুকন, প্ৰণৱজ্যোতি চেতীয়া, ব্ৰজেন গগৈ, কৃষ্ণকমল বৰুৱা, দিলিপ গোঁহাই আদি উপস্থিত থাকে।

কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈয়ে ‘প্ৰজন্ম’ আৰু মধ্য মহুৰা পৰিষদৰ এই পদক্ষেপক শলাগ জ্ঞাপন কৰাৰ লগতে এনে মৰমে আৰক্ষীক কাম কৰিবলৈ অধিক উৎসাহ প্রদান কৰে বুলি মন্তব্য কৰে। মধ্য মহুৰা পঞ্চায়ত পৰিষদে কমাৰগাঁও অঞ্চলৰ যুৱ সাংবাদিক তথা সমাজকর্মী ৰিন্টু দুৱৰা আৰু সাগৰজ্যোতি হাজৰিকাকো একোখনকৈ বিহুৱান যাছি ৰঙালী বিহুৰ ওলগ জনায়। উল্লেখ্য যে দুয়ােগৰাকী সংবাদকর্মীয়ে কৰােণা ভাইৰাছৰ ভয়াবহতা সন্দৰ্ভত ৰাইজক সজাগ আৰু সচেতন কৰাত অঞ্চলটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ লগতে দৰিদ্ৰ লােক সকলক আনৰ ওচৰত সহায়ৰ হাত পাতি হলেও সহায় কবি এক মহান কর্ম সম্পাদন কৰি আহিছে।

আৰু জ্ঞাপন কৰি দিয়কচোন

Tags: featured3
Share5Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx