ASSAM TIMES POST
গুৱাহাটী:গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধ বাতিল।এই কথা এক বিজ্ঞপ্তি জৰিয়তে প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ কতিপক্ষই।দেশৰ সাময়িক পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।পূৰ্ব বছৰৰ দৰে এইবাৰ জুলাই মাহত নাপাব বন্ধ।
উল্লেখ যে মহামাৰী ক’ৰনা ভাইৰাচৰ বাবে ইতিমধ্যে দেশত ঘোষণা হোৱা লকডাউনে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাবর্ষ প্ৰভাৱিত কৰিছে।তাৰ বাবে জুলাই মাহৰ গৰম বন্ধ বাতিল কৰা হৈছে।সেই সময়ছোৱাত নিয়মীয়া পাঠদান চলিব বুলি বিশ্ববিদ্যালয় খনৰ ফালৰ পৰা অৱগত কৰিছে।













