ASSAM TIMES POST
বোকাখাত : কৰ’ণা আক্ৰান্ত লক-ডাউনৰ সময়সীমা ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰাৰ পাছত একাংশ পৰিয়ালৰ মাজলৈ পুণৰ দুৰ্যোগ নামি আহিছে। মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত চৰকাৰী কৰ্মচাৰী সকলে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে। এনে সংকটৰ সময়ত ‘আচাম ৰাইফলচ’ এজন জোৱানে দেখুওৱাইছে মহানুভৱতা খতিয়াখলিৰ এজন জ্যেষ্ঠ নাগৰিকে দেখুৱাইছে বদান্যতা।
খতিয়াখলি নিবাসী অসম ৰাইফলচৰ জোৱান গোপাল গগৈ বৰ্তমান নগালেণ্ডত কৰ্মৰত। গাঁওখনৰ কৰ্মহীন হৈ পৰা লোকসকলৰ খাদ্যাভাৱ পূৰাবলৈ পত্নী ৰুমী বৰা গগৈৰ দ্বাৰা আজি অঞ্চলটোৰ ৬০ টা পৰিয়াললৈ আগবঢ়ালে একোটিকৈ খাদ্য সামগ্ৰীৰ টোপোলা আৰু পাচলি। সামাজিক দূৰত্ব বজাই ৰাখি অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেক পৰিয়ালৰ পদূলিলৈ গৈ ৰুমী বৰা, তেওঁৰ পিতৃ পোনা বৰাই আগবঢ়ায় এই সাহায্য।
অসম ৰাইফলচৰ জোৱান গোপাল গগৈৰ এই মহানুভৱতাই দেশৰ সুৰক্ষাত নিয়োজিত অসমৰ জোৱান সকলকো নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব। ইফালে গোপাল গগৈয়ে খাদ্য সামগ্ৰী প্ৰদান কৰা প্ৰতিটো পৰিয়ালক একোসাঁজকৈ পিন্ধা কাপোৰ প্ৰদান কৰে ৰুমী বৰা গগৈৰ পিতৃ, জ্যেষ্ঠ নাগৰিক, নামাচাৰ্য পোনা বৰাই। পোনা বৰাৰ এই বদান্যতাকো স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।













