ASSAM TIMES POST
নগাঁও: লকডাউনৰ মাজতে কালি নিশা নগাওঁ চহৰৰ আমোলাপট্টি অঞ্চলৰ ৰেডক্ৰছ চাৰিআলিত সংঘটিত এক চুৰিকাঘাতৰ ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জানিব পৰা মতে, কালি নিশা প্ৰায় ১০ বজাত স্থানীয় নিতু দাস নামৰ এজন যুৱকৰ সৈতে আন কেইবাজনো যুৱকৰ কোনো কথাত বাক্-বিতণ্ডাৰ সৃষ্টি হয়।
পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে এটা সময়ত নিতু দাসৰ লগত বাক-বিতণ্ডাত লিপ্ত হোৱা যুৱক কেইজনৰ মাজৰে কোনোৱে নিতু দাসক চুৰিৰে আঘাত কৰে। ফলত নিতু দাস গুৰুতৰ ভাৱে আহত হয়। গুৰুতৰ ভাবে আহত নিতু দাসক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে চুৰিকাঘাতৰ ঘটনাটো কি কাৰণত সংঘটিত হ’ল সেয়া বিতং ভাৱে জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কাৰণতেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
স্থানীয় একাংশ লোকে অভিযোগ কৰাৰ মতে এই ঘটনাৰ লগত কেইবাজনো যুৱক জড়িত আছে।আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতেই নগাঁও সদৰ থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে যদিও আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা অভিযুক্তসকলে পলায়ন কৰে। বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।













