ASSAM TIMES POST
নগাঁও : নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত লাওগাঁও, ভকতগাঁও , হেৰাপাতি, কেন্দুগুৰি, বৰভেটি অঞ্চলৰ একাংশ দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ মাজত লকডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াৰ বাতৰি পোৱা গৈছে ।আনকি চৰকাৰীভাৱে আগবঢ়োৱা সাহাৰ্য লাভৰ পৰাও উল্লেখিত অঞ্চল সমূহৰ একাংশ লোক বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

অৱশ্যে বিভিন্ন সমাজ সচেতক ব্যক্তি-অনুষ্ঠানে এই অঞ্চলত সাহাৰ্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে লকডাউন হোৱাৰ ফলত গৃহবন্দী হৈ থকা কাতিমাৰী, চিলঙনী, চলচলি, শিমলুগুৰি আদি অঞ্চলৰ বহু ৰাইজৰ লগতে ভাৰাতীয়া হিচাপে থকা শ্ৰমজীৱি শ শ লোকে এতিয়াও খাদ্যৰ কাৰণে হাহাকাৰ কৰাৰ খবৰ পোৱা গৈছে। স্থানীয় সমাজ সচেতন ব্যক্তিসকলৰ তৎপৰতাত আজি অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদিকা তানভি তানজুম, মুখপাত্ৰ তানজিল হুছেইন, কৰ্মকৰ্তা মুৰ্তাজা কামাল, আয়াছ আহমেদ আৰু স্থানীয় যুৱ চিকিৎসক মাহমাদুল হাছানৰ উদ্যোগত অঞ্চলটোৰ কেবাশ দৰিদ্ৰ পৰিয়ালক চাউল, দালি, তেল, চিৰা, গুৰ আদি বিতৰন কৰা হয় ।
উল্লেখ্য যে জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ বিভিন্ন প্ৰান্তত স্বেচ্ছাসেৱী সংগঠন আল হাফিজ ফাউণ্ডেচন আৰু নগাঁও মাৰ্কাজ একাডেমীৰ তৰফৰ পৰা ইতিমধ্যে কিছু পৰিমাণে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰন কৰাৰ লগতে পুণৰ সহস্ৰাধিক পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰাৰ প্ৰস্তুতি চলোৱা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । ইপিনে নগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সমাজ উন্নয়ন সংস্থাৰ উদ্যোগত আজি দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক জামাদুল ইছলাম, সদস্য হাছান আলী চৌধুৰী, নাৰ্গিছ চুলতানা, ইয়াচমিন বেগম আৰু নৃপেন ডেকাৰ নেতৃত্বত যোৱা এটা দলে নগাঁও চহৰৰ মৰিকলং, আজাদ নগৰ, চকীটুপ, বেঙেনাআটি অঞ্চলৰ ২৩০টা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দালি, আলু, পিয়াঁজ, নিমখ আদি খাদ্য সামগ্ৰীৰ একোটিকৈ টোপাল বিতৰণ কৰে । সংগঠনটোৰ এনে কাৰ্যসূচীক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে।













