ASSAM TIMES POST
নিউজ ডেস্ক
গোলাঘাট জিলাত ক’ৰনাত আক্রান্ত চাৰিজন ৰোগী সুস্থ হৈ উঠিছে।চাৰিজন ৰোগীৰ পুনৰ নুমনা পৰীক্ষাৰে নেগেটিভ ওলাইছে ক’ৰনা উপস্থিতি।গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰোগী কেইজন।আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিয়া হৈছে ৰিলিজ।
ৰিলিজ দিয়া ব্যক্তি কেইজন পুনৰ ১৪দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব।আনহাতে চিকিৎসালয় খনত আৰু পাঁচজন আক্রান্ত চিকিৎসাধীন হৈ আছে।তাৰে দুজন সুস্থ হোৱা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই ইংগিত প্ৰদান কৰিছে।বৰ্তমান সময়তো জিলাখনৰ তিনিগৰাকীৰ আক্রান্ত দেহত ক’ৰনা পজিটিভ আছে।
ভাল খবৰ এইয়ে যে আজি পুনৰ চাৰিজন ব্যক্তিক ৰিলিজ দিয়াত যোৱা তিনিটা দিনত ৰাজ্যত ৯জন ব্যক্তি সুস্থ হৈছে।ৰাজ্যত মুঠ আক্রান্ত সংখ্যা হৈছে ৩৪জন।তাৰে এজন মৃত্যু হোৱাৰ বিপৰীতে বাকী ২৪জন চিকিৎসাধীন হৈ আছে।













