ASSAM TIMES POST
বকলীয়াঘাট : ৰাজ্যজুৰি ক’ৰ’না সম্পৰ্কীয় সজাগতা অব্যাহত থকা সময়তে আজি কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে মাঞ্জা বজাৰ এলেকাত ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ কৰে। মাঞ্জা থানাৰভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আজি এলেকাটোত প্ৰায় তিনি শতাধিক মাস্ক বিতৰণ কৰা হয় ।

আনহাতে, কালি ডিচ’বাইৰ যমুনা নদীৰ পাৰত থকা পাঁচখন জনজাতীয় গাঁৱৰ ১১০ টা পৰিয়ালৰ মাজত চাউলকে ধৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয় । উল্লেখযোগ্য যে গাঁওকেইখনৰ লোকসকলে এতিয়ালৈকে কোনো সাহায্য সামগ্ৰী লাভ কৰা নাছিল। এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে তৎকালীনভাৱে গাঁওকেইখনত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে।













