ASSAM TIMES POST
নগাঁও: লকডাউনৰ বাবে এতিয়া নগাঁৱত একাংশ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । নগাঁৱৰ বিভিন্ন স্হানৰ কৃষকসকলে এতিয়া উৎপাদিত পাচলি সমূহ বজাৰত বিক্ৰী কৰিব নোৱাৰাৰ বাবে পথাৰতে বিঘাই বিঘাই শাক- পাচলি গেলিব ধৰিছে। যাৰ ফলত কৃষক সকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।
নগাঁৱৰ বিভিন্ন স্হানৰ লগতে কৃষ্ণাইখাট অঞ্চলৰ বহু কৃষকে কৰা বতৰৰ বিভিন্ন শাক- পাচলি এতিয়া পথাৰতে দমে দমে নষ্ট হৈছে । লকডাউনৰ বাবে বজাৰ নোপোৱাৰ বাবেই পথাৰতে কেপছিকাম,জাতিলাউ,বেঙেনা, বিলাহী,ৰঙালাউ আদিকে ধৰি বিভিন্ন ৰবি শস্য পচি গৈছে । যাৰবাবে এতিয়া এই পাচলিসমূহ হৈ পৰিছে পশুধনৰ খাদ্য ।
এনেদৰে বিঘাই বিঘাই শাক -পাচলি খেতি নষ্ট হোৱাৰ পাছতো নগাঁও জিলা কৃষি বিভাগে অদ্যাপি কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে এই অঞ্চলৰ কৃষক সকল। নগাঁও জিলা কৃষি বিভাগ আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ নীৰৱ ভূমিকাক লৈয়ো সৰৱ হৈ পৰিছে নগাঁৱৰ কৃষক সমাজ।













