ASSAM TIMES POST
ক’ৰ’ণা ভাইৰাছৰ সন্দেহত চিকিৎসালয়ত ভৰ্তি : গুৱাহাটীলৈ প্ৰেৰণ
নগাঁও: ক’ডিড-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহত নগাঁও জিলা স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত এই পৰ্যন্ত ৮৭ গৰাকী লোকৰ লেলাৱতিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠাইছিল। ইতিমধ্যে এই আটাইবোৰ লোকৰেই প্ৰথম পৰ্যায়ৰ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে।
এই আটাই কেইজন লোকৰেই দেহত ক’ভিড-১৯ নথকাটো নিশ্চিত হৈছে। কিয়নো আটাইৰে ক’ভিড-১৯ নিগেটিভ ওলাইছে। স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসৰি এই লোক সকলৰ লেলাৱতিৰ নমুনাৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে। কালি ইয়াৰে ৩৩ জন লোকৰ দ্বিতীয় পৰ্যায়ৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত আটাই কেইজন লোকৰেই ক’ভিড-১৯ নিগেটিভ ওলাইছে।
আনহাতে, কালি অন্য ১১ গৰাকী লোকৰ লেলাৱতিৰ নমুনা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু আজি ১৪ জন লোকৰ দ্বিতীয় পৰ্যায়ৰ লেলাৱতিৰ নমুনা প্ৰেৰণ কৰা হৈছে যদিও মুঠ ২৫ জন লোকৰ পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে। ইপিনে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত হোজাই জিলাৰ ৩ নং কাকীৰ পৰা অহা এজন ৰোগীক ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অলপ জটিল হোৱাত ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।













