ASSAM TIMES POST
বোকাখাত: কৰ’ণাতংকত দেশ ব্যাপি চলি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ ‘টোটেল লক-ডাউন’ ঘোষণাত সম্প্ৰতি সমগ্ৰ দেশৰ অন্যান্য প্ৰতিষ্ঠান আৰু সকলো শিক্ষানুষ্ঠান বন্ধৰ কাঢ়া নিৰ্দেশ প্ৰযোজ্য হৈ আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই আহ্বানলৈ দিছে সম্পূৰ্ণ সঁহাৰি। তাৰমাজতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলক সৰ্বশিক্ষা অভিযান মিছনৰ নামত কেতবোৰ তথ্য বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।
লক-ডাউনৰ প্ৰথামিক পৰ্যায়ত মিছনে বিদ্যালয়ত মজুত কৰা খাদ্য সামগ্ৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ শিক্ষক সকলক নিৰ্দেশ দিছিল। যাৰ ফলত বিদ্যালয়লৈ ওলাই অহা ভালেসংখ্যক শিক্ষক আৰক্ষীৰ হাতত নিৰ্যাতিত হৈছিল। একেদৰেই দ্বিতীয় পৰ্যায়ৰ লক-ডাউনৰ সময়ত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ফোন নম্বৰ সংগ্ৰহ কৰিবলৈ দিছে নিৰ্দেশ। উল্লেখ্য যে অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত মধ্যবিত্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় ৯৫ শতাংশ ছাত্ৰ ছাত্ৰী আছে। ইয়াৰে অধিকাংশৰ ঘৰত ফোনৰ ব্যৱহাৰ নাই বুলিলেও ভুল নহয়।
থাকিলেও ৱাটচ্ এপ ব্যৱহাৰৰ মানদণ্ডযুক্ত ফোন নহ’বও পাৰে, অথবা আৰ্থিক বহন ক্ষমতা সেইসকল অভিভাৱকৰ নাথাকিবও পাৰে। তদুপৰি কোনো কাৰণত কন কন শিশু সকলক এনে মোবাইল থাকিলেও চুবলৈ নিদিব অভিভাৱকে। এনে পৰিস্থিতিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ৱাটচ্ এপৰ দৰে মাধ্যমেৰে শিক্ষকে ঘৰৰ পৰাই পাঠদান দিয়াৰ পৰিকল্পনাক অলীক কল্পনা বুলি মন্তব্য কৰিছে একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে। এই সন্দৰ্ভত জানিব পৰা মতে ১৬ মাৰ্চৰ পৰা ৩ মে’লৈ ৩৮ দিনৰ পাঠ দানৰ ক্ষতি পূৰাবৰ বাবেই গ্ৰীষ্ম বন্ধৰ ২৪ দিন, সংৰক্ষিত বন্ধৰ ৩ দিন, উদযাপন দিৱসৰ ৩ দিন, শনিবাৰে ৮ দিন সম্পূৰ্ণ পাঠদান কৰি ঘাটি পূৰণ কৰাৰ কথা প্ৰাথমিক শিক্ষকৰ।
এনেসময়তে প্ৰাথমিক শিক্ষক সকল বিভ্ৰান্ত হৈছে সৰ্বশিক্ষা অভিযান মিছনৰ নিৰ্দেশৰ দ্বাৰা আৰু সৰ্বশিক্ষা অভিযানৰ এনে নিৰ্দেশৰ কথা স্বাস্থ্যমন্ত্ৰী ৰূপে কৰ’ণা নিৰ্মূলত দিনে নিশাই ব্যস্ত থকা শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে হোৱা নাই বুলিও সন্দেহ কৰিছে একাংশ প্ৰাথমিক শিক্ষকে। স্মৰ্তব্য যে অসমৰ প্ৰাথমিক শিক্ষকে নিঃচৰ্তভাৱে চৰকাৰৰ আৰোগ্যনিধিলৈ কেইবাকোটি টকাৰ সাহায্য আগবঢ়াইছে। অসমৰ শিক্ষামন্ত্ৰীয়ে কমেও পাঁচটা পৰিয়ালক কৰ’ণাক্ৰান্ত সময়চোৱাত সহায় আগবঢ়াবলৈ কৰা আহ্বান অনুসৰি ৰাজ্যৰ সংকটকালত শিক্ষক সকলে কোনোৱে ৫ ৰ পৰা ২০ পৰিয়ালক, কোনোৱে একোখন গাঁৱৰ ৰাইজলৈ সাহায্যৰ টোপোলা আগবঢ়াইছে।
স্বাস্থ্য তথা শিক্ষামন্ত্ৰী গৰাকীৰ আহ্বানক একান্ত আত্মিকতাৰে নিজৰ দায়িত্ব ৰূপে গ্ৰহণ কৰি সাহায্য অভিযানত ব্যস্ত থকা শিক্ষক সকলক বাৰম্বাৰ এনে নিৰ্দেশেৰে বিভ্ৰান্ত কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ ‘টোটেল লক-ডাউন’ক যেন উলংঘা কৰা হ’ল। শিক্ষক সমাজৰ মতে ছাত্ৰ ছাত্ৰীক নিচেই কাষৰ পৰাই লগ পোৱা শিক্ষক সকলে অতি ভালদৰে উপলদ্ধি কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতি থাকিব লগীয়া দায়বদ্ধতা। হেঁচা প্ৰয়োগ আৰু আহ্বান দুটা পৃঠক বস্তু বুলি উল্লেখ কৰিব খোজে শিক্ষক সমাজে। বিচক্ষণ, দক্ষ শিক্ষামন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছিল, হেঁচা প্ৰয়োগ কৰা নাছিল বুলিও একাংশ শিক্ষকে কয়।













