ASSAM TIMES POST
বোকাখাত:বোকাখাতৰ সাংস্কৃতিক মেৰুদণ্ড বোকাখাত নাট্যমন্দিৰ। বিগত সময়ত বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত অনুষ্ঠিত অলেখ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আৰ্তজনলৈ এই অনুষ্ঠানে বহু সময়ত আগবঢ়াইছে সহায়ৰ হাত। ইতিপূর্বে অসম চৰকাৰৰ আৰোগ্যনিধিলৈ ২১ হাজাৰ টকা আগবঢ়োৱা বোকাখাত নাট্য মন্দিৰে আজি বোকাখাতৰ চিপাহী গাঁৱত ৭২ টা পৰিয়ালৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰে।

বোকাখাত নাট্যমন্দিৰৰ সভাপতি দীলিপ শইকীয়া, সম্পাদক জিতু শৰ্মা ৰাজখোৱাৰ নেতৃত্বত গাঁওখনৰ দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা, বৰ্তমান কৰ্মহীনতাৰ বাবে খাদ্যাভাৱত পৰা পৰিয়াল সমূহক সামাজিক আৰু শাৰিৰীক দূৰত্ব অটুত ৰাখি খাদ্য সামগ্রী বিতৰণ কৰাৰ সময়ত সভাপতি দিলীপ শইকীয়াই ৰাইজলৈ সজাগমূলক বক্তব্য প্ৰদান কৰে।













