ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ দেশৰ লগতে মহামাৰী ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ৰাজ্যত অব্যাহত আছে লকডাউন।লকডাউনৰ বাবে দেশৰ লগতে ৰাজ্যত এতিয়া সৃষ্টি হৈছে চৰম সংকট।এই সংকটে ৰাজ্যখনৰ ধনী, দুখীয়া, মধ্যবিত্ত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজকে চুই গৈছে।
সেই কথা উপলব্ধি কৰি প্ৰতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজ্য বিত্ত,স্বাস্থ্য তথা শিক্ষামন্ত্ৰীক জনাইছে গুৰুত্বপূৰ্ণ আহ্বান।সভাপতি বৰাই সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী শৰ্মাক আহ্বান জনায় লিখিছে এইদৰে ” ২০২০চনৰ ডিচেম্বৰ মাহলৈকে অসমৰ সমূহ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছৰ মাচুলকে ধৰি আদি কৰি বিদ্যালয়ৰ মাচুল সমূহ ৰেহাই কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে”।
সমান্তৰালকৈ উত্তৰ প্ৰদেশৰ চৰকাৰৰ দৰে লকডাউনৰ বাবে সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে বাহিৰত আৱদ্ধ হৈ অসমৰ ছাত্ৰ-ছাত্ৰীৰ সকলক অসম চৰকাৰে অসমলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ হাতত ল’ব লাগে বুলি বৰাই আহ্বান জনাই।













