ASSAM TIMES POST
গুৱাহাটী : লকডাউনৰ সময়ত মহানগৰীৰ জনতাৰ কোনো কাৰণত যাতে খাদ্য-সামগ্ৰীৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে গুৱাহাটী মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ।মাছ, ছাগলী আৰু মুৰ্গী মাংসৰ পিছত এইবাৰ মহানগৰবাসীক শাক-পাচলি যোগান ধৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে ভেণ্ডৰ।
এই কথা এক নিৰ্দেশনা জড়িয়তে প্ৰকাশ কৰিছে মহানগৰ জিলা প্ৰশাসনে।নিৰ্দেশনাটোত প্ৰকাশ কৰা অনুসৰি দায়িত্ব লাভ কৰা ভেণ্ডৰ সকলে ঘৰে ঘৰে গৈ যোগান ধৰিব লাগিব শাক-পাচলি।কোনো কাৰণত ফুটপাঠ, বজাৰ আদিত কৰিব নোৱাৰিব বিক্ৰী।ইয়াৰ উপৰিও কোৱা হৈছে যোগান ধৰা শাক পাচলি সমূহ হব লাগিব চাফ-চিকুণ।
অনুজ্ঞাপত্ৰ পত্ৰ থকা ভেণ্ডৰ সকলৰ বাদে বাকী সকলে কৰিব এই সময় খিনিত কৰিব নোৱাৰিব বিক্ৰী।সমগ্ৰ মহানগৰীৰ বাবে মুঠ ৮জনকৈ ভেণ্ডৰক দায়িত্ব প্ৰদান কৰিছে প্ৰশাসনে।দায়িত্ব লাভ কৰা ভেণ্ডৰ সকলক শাক-পাচলি যোগান ধৰা বাবে অঞ্চলসমূহ আৰক্ষীৰ থানা ওপৰত ভিত্তি কৰি নিধাৰণ কৰা হৈছে।













