ASSAM TIMES POST
বোকাখাত: বোকাখাত ৰজাবাৰীৰ বিশিষ্ট নাগৰিক, গাৰোপাৰা নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু একেখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূণ্যেশ্বৰ কাকতি (৭৫)ৰ ১৭ এপ্ৰিলৰ নিশা দেহাৱসান ঘটে।

জ্যেষ্ঠ নাগৰিকৰ সংগঠন, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা, বোকাখাত মহকুমা পালনাম সমিতিকে ধৰি বিভিন্ন শৈক্ষিক সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত কাকতিৰ মৃত্যুত অঞ্চলটোত গভিৰ শোকৰ ছাঁ পৰিছে।
স্নায়বিক ৰোগত আক্রান্ত হৈ থকা প্ৰয়াত কাকতিয়ে পত্নী, দুই পুত্র, পুত্ৰবধু, নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ গৈছে।













