ASSAM TIMES POST
নিউজ ডেস্ক:
মঙলবাৰৰ পৰা ৰাজ্যত সামান্য শিথিল হ’ব লকডাউন।নিৰ্দিষ্ট সেৱা সমূহৰ বাহিৰে বাকী সেৱা সমূহত পূৰ্বৰ দৰে কঠোৰ হব আৰক্ষীৰ।এই কথা প্ৰকাশ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্ত।খানাপাৰা অসম পদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি সঞ্চালক প্ৰধান মহন্তই সকলোকে আহ্বান জনায় কয় “মাস্ক পিন্ধাতো বাধ্যতামূলক।
যিসমূহ ক্ষেত্ৰত লকডাউন শিথিল কৰা হৈছে তাতো মানি চলিব লাগিব নিৰ্দিষ্ট নিয়মসমূহ”।ইফালে ব্যক্তিগত বাহন সমূহ চলাচল কৰাত পূৰ্ব দৰে আছে বাধা।মটৰ চাইকেলত এজন আৰু চাৰিচকীয়া বাহনত দুজন ব্যক্তিয়ে পাৰিব যাত্রা কৰিব।লগতে তেওঁ কয় কৰ্মচাৰী সকলে আইকাৰ্ড সমূহ লৈ অহাটো গুৰুত্বপূৰ্ণ। উল্লেখ যে লকডাউন সফল কৰা বাবে ৫০০০জন অতিৰিক্ত হোম গাৰ্ড অসম আৰক্ষীত দিয়া বুলি উল্লেখ কৰি মহন্তই কয় “সকলোলোকে সামাজিক দুৰত্ব বৰ্তাই ৰাখিব।
পাঁচ জনতকৈ অধিক লোক সমবেত হব নোৱাৰিব।ইফালে প্ৰতিটো অঞ্চলত স্থানীয় প্ৰশাসনে চকু দিব বিয়াৰ লগতে অন্য অনুষ্ঠান।ধঁপাতজাতীয় সামগ্ৰী লকডাউনৰ সময়ছোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ইফালে অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকে লগত নিব লাগিব পৰিচয় পত্ৰ বুলি উল্লেখ কৰি মহন্তই কয় দোকানত কাম কৰা প্ৰতিজন লোকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।
আইন ভগংকাৰী বিৰুদ্ধে যান-বাহন আৰক্ষীৰ তালাচী বৰ্তমানৰ দৰে অব্যাহত থাকিব।স্বাস্থ্য বিভাগৰ লোক অনাহকত আৰক্ষীৰ ৰোষত পৰিলে তেওঁৰ বিৰুদ্ধে হ’ব গ্ৰহণ কৰা হব ব্যৱস্থা বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই।আনহাতে ছ’চিয়েল মেডিয়াত পোষ্ট কৰোতে সকলোকে সাৱধান হোৱা আহ্বান জনাই তেওঁ কয় “এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে বহুলোকক।ডিলিট কৰা হৈছে বহু ফেচবুকৰ পোষ্ট”।













