ASSAM TIMES POST
অজন্তা তালুকদাৰ
লক-ডাউনৰ বাবে অসমৰ অলেখ যুৱক-যুৱতীৰ লগতে বোকাখাতৰ এগৰাকী যুৱতী বহিঃৰাজ্যত আৱদ্ধ হৈ থকাৰ বাতৰি ‘আছাম টাইমচ’ত প্ৰকাশ হৈ যোৱাৰ ২৪ ঘণ্টা নৌ হওঁতেই বোকাখাতৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সহায়ৰ বাতৰি আমাৰ হাতলৈ আহিছে।
হাইদৰাবাদত কৰ্মৰত হোটেল ‘লেমন টী’ত গৃহবন্দী হৈ ৰৈ যাবলৈ বাধ্য হোৱা জ্যোতিস্মা দাস নামৰ বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ যুৱতী গৰাকীয়ে হোটেল কৰ্তৃপক্ষৰ সহায়ত থাকিবলৈ আশ্ৰয় পালেও বিগত লক-ডাউনৰ কালচোৱাত নিজা খৰচত খোৱা-বোৱা কৰোতে আৰু দুবাৰকৈ বিমানৰ টিকেট কাটি লক-ডাউনৰ বাবে টিকেট বাতিল হোৱাত তেওঁৰ ধনৰ ভড়াল তেনেই উদং হৈ পৰিছিল। হোটেল কৰ্তৃপক্ষইও অহা ২৫ এপ্ৰিললৈহে যুৱতী গৰাকীক হোটেলখনলৈ থাকিবলৈ অনুমতি দিছে।
গতিকে উপায়ন্তৰ হৈ জ্যোতিস্মা দাসে চচিয়েল মিডিয়াৰ যোগেদি নিজৰ অসহায় অৱস্থাৰ সকলো কথা ইতিমধ্যে এটা ভিডিঅ’ৰে ব্যক্ত কৰি তেওঁ অসমলৈ উভতি অহালৈকে অসম চৰকাৰে থকা খোৱাৰ সুবিধা কৰি দিবলৈ অসম চৰকাৰৰ সহায় ভিক্ষা কৰিছিল।
এই খবৰ প্ৰকাশ হোৱাৰ লগে লগে বোকাখাতৰ সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাই যুৱতী গৰাকীৰ একাউণ্টত আৰ্থিক সাহায্য প্ৰদান কৰিছে। আগৰৱালাৰ এনে কাৰ্যৰ প্ৰশংসা কৰিছে বোকাখাতৰ ৰাইজে।













