ASSAM TIMES POST
ডিফু: বিশ্ব সন্ত্ৰাস সৃষ্টি কৰা ক’ভিড 19 ৰ বিৰুদ্ধে সন্মূখৰ পৰা যুঁজ দিবলৈ লগতে এনে জটিল সন্ধিক্ষণত দৰিদ্ৰ, নিঃকিন আৰু আৰ্তজনৰ বাবে কাষত একাংশ মহানুভৱী মানৱ দৰদী লোকে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ৰী সকলৰ সাহায্য পূঁজীলৈ সাধ্যানুসাৰে সাহায্য আগবঢ়াইছে ৷
ইয়াৰ লগত সংগতি ৰাখি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সাহায্য পূঁজীলৈ পাহাৰীয়া জিলাখনৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, সামাজিক সংগঠন, কৰ্মচাৰী আৰু ব্যক্তিবিশেষে সাহায্য আগবঢ়াইছে ৷
সেই একেই উদ্দেশ্য আগত ৰাখি আজি ডিফু মছজিদ কমিটিৰ হৈ সাধাৰণ সম্পাদক মজাহাৰুল ইছলাম সহ তেওঁৰ সহকৰ্মী সকলে চিইএম তুলিৰাম ৰংহাঙৰ হাতত তেওঁৰ সাহায্য পূঁজীলৈ ২৫ হাজাৰ টকাৰ এখন চেক অৰ্পণ কৰে ৷ ইয়াৰ বাবে চিইএম গৰাকীয়ে মছজিদ কমিটিৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে ৷ এই চেক অৰ্পণ কাৰ্যসূচীত সাংসদ হৰেণ সিং বে’ ও উপস্থিত থাকে ৷













