ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কমাৰগাঁৱৰ কচুপথাৰৰ পাছত পুণৰ বোকাখাতত উদ্ধাৰ হৈছে বিৰল প্ৰজাতিৰ কেকো সাপ। বোকাখাতৰ সাপজুৰিৰ হেমলতা দেৱীৰ ঘৰত কালি সন্ধিয়া গৃহস্থই উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ এটা কেকো সাপ।
পাছত পানবাৰীস্থ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰক খবৰ দিয়াত কেন্দ্ৰৰ বিষয়াই হেমলতা দেৱীৰ ঘৰলৈ আহি কেকো সাপটো চমজি লয় আৰু কেন্দ্ৰলৈ লৈ যায়।













