ASSAM TIMES POST
নিউজ ডেস্ক:
এফালে ক’ৰ’ণা সংক্ৰমণ আৰু আনফালে আহি আছে তীব্ৰ গৰম৷ গৰমৰ বাবে বহুৱে এয়াৰ কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো এটা সাধাৰণ কথা৷ কিন্তু ঘৰত থকা এ চিটো ব্যৱহাৰৰ ক্ষেত্ৰত ‘নিৰাপদ’ তাপমাত্ৰা কিমান হোৱা উচিত তাকে লৈ নিৰ্দশিকা প্ৰকাশ কৰিছে কেন্দ্ৰই৷
এই নিৰ্দেশিকাত কোৱা হৈছে ঘৰৰ এ চিৰ তাপমাত্ৰা এতিয়া ২৪-৩০ ডিগ্ৰী ছেণ্টিগ্ৰেড হোৱা উচিত৷ ঘৰ বা কাৰ্যালয়ত এ চি ব্যৱহাৰৰ ক্ষেত্ৰত আপেক্ষিক আৰ্দ্ৰতা ৪০-৭০ শতাংশৰ মাজত থাকিব লাগিব৷ ইণ্ডিয়ান ছ’চাইটি অফ হিটিং ৰেফ্ৰিজাৰেটিং এণ্ড এয়াৰ কণ্ডিচনাৰ ইঞ্জিনিয়াৰ তৰফৰ পৰা এই গাইড লাইন প্ৰস্তুত কৰিছে৷ আনহাতে অনুমোদন দিছে কেন্দ্ৰই৷










