ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
ষ্টিফেন হকিং, যাক বিশ্বৰ এগৰাকী প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী হিচাপে জনা যায়, তেওঁ এৰি গৈছে মটৰ নিউৰন আক্ৰান্ত হৈ পংগু হোৱাৰ বাবে টিপচহী মৰা ১৬.৩ মিলিয়ন পাউণ্ডৰ এক উইল।নোবেল বিজয়ী হকিং, যাৰ ২০১৮ চনত কেম্ব্ৰিজত ৭৬ বছৰ বয়সত মৃত্যু হৈছিল তেওঁ এক ন্যাস পুঁজিত তেওঁৰ তিনি সন্তান আৰু তিনি নাতিনীৰ বাবে এই ধন ৰাখি গৈছিল।
ইয়াৰ উপৰি তেওঁৰ ন্যায়িক ব্যক্তিগত সহায়ক, ৭১ বছৰীয়া যুডিথ ক্ৰছডেলৰ নামতো ১০ হাজাৰ পাউণ্ড উইল কৰি থৈ যোৱা বুলি The Sun কাকতৰ এক প্ৰতিবেদনত প্ৰকাশ। ইয়াৰ উপৰি প্ৰথিতযশা বিজ্ঞানীগৰাকীয়ে তেওঁৰ শৈক্ষিক পুৰস্কাৰ আৰু মেডেলসমূহ- ১৩টা সন্মানীয় ডিগ্ৰী, US President Medal of ফ্ৰীদম আৰু Companion of Honour- তেওঁৰ তিনি সন্তান ৰবাৰ্ট, টিমথি আৰু লুচিৰ মাজত ভাগবতৰা কৰি গৈছে।
১৩ পৃষ্ঠাজোৰা হকিঙৰ উইলখন স্বাক্ষৰ কৰিছিল ২০০৭ চনত টিপচহীৰে, তেওঁৰ মটৰ নিউৰন ৰোগৰ সৈতে যুঁজ চলি থকাৰ বাবে। অৰ্থাৎ তেতিয়া তেওঁ সম্পূৰ্ণভাৱে হুইল শ্বেয়াৰত আশ্ৰিত আছিল আৰু কথা ক’বৰ বাবে এটা কম্পিউটাৰ ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে যোৱা সপ্তাহত হকিঙে ব্যৱহাৰ কৰা ভেনটিলেটৰ সহিতে হুইল শ্বেয়াৰখন তেওঁৰ আত্মীয়ই Royal Papworth Hispital লৈ দান কৰিছিল।
ষ্টিফেন হকিঙৰ জীয়ৰী, ৪৯ বছৰীয়া লুচী হকিঙে কোৱা মতে, তেওঁৰ পিতৃয়ে হস্পিটেলখনৰ পৰা লাভ কৰা ‘অবিশ্বাস্য, সমৰ্পিত আৰু উন্নতমান’ৰ সেৱাৰ বাবে হস্পিটেলখনলৈ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ এক ক্ষুদ্ৰ অংশ হিচাপে ইয়াক দান কৰে।










