ASSAM TIMES POST
নিউজ ডেস্ক:
চীনৰ মহানগৰ উহানতে আৰম্ভ হৈছিল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ৷ এই মহানগৰখনৰ চিকিৎসালয়ত চাৰি মাহৰ পাছত এতিয়া নাই এই ভাইৰাছত আক্ৰান্ত ৰোগী৷
এজন স্বাস্থ্য বিভাগৰ বিষয়াই এই কথা প্ৰকাশ কৰে৷ শেহতীয়া বাতৰি মতে উহানত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল শূন্য৷ দেখখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়ুক্তৰ মুখপাত্ৰ মি ফীঙে উহানৰ চিকিৎসা বিষয়াসকলক ধন্যবাদ দিয়ে৷ উল্লেখ্য যে মহানগৰীখনত ৪৬,৪৫২ জন লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল৷










