ASSAM TIMES POST
বোকাখাত: ধৰিত্ৰী সেউজীকৰণৰ লক্ষ্যৰে গ্ৰাছ, বোকাখাতে ইতিমধ্যে উজনি অসম আৰু বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত প্ৰায় ৬০ হাজাৰ গছপুলি ৰোপণ কৰি অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতালৈ উল্লেখনীয় বৰঙণি যোগাইছে।
এতিয়া এই বিশেষ ক্ষেত্ৰত গ্ৰাছ এক চৰ্চিত নাম। সম্প্ৰতি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাক ৰক্ষা কৰাৰ বৃহৎ স্বাৰ্থতে গ্ৰাছে অব্যাহত ৰাখিছে চেনিটাইজেচন অভিযান।

বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত থকা গ্ৰাছৰ শাখা আৰু সদস্য সকলৰ সহযোগত ইতিমধ্যে মহকুমাটোৰ বিভিন্ন অঞ্চলত সংগঠনটোৰ সভাপতি অংকুৰ বৰঠাকুৰ, উপ সভাপতি সঞ্জীৱ হাজৰিকা , সম্পাদক ইন্দ্ৰেশ্বৰ বৰাৰ নেতৃত্বত, গ্ৰাছৰ সদস্য সকল আৰু বোকাখাতৰ এগৰাকী মানৱ-দৰদী সমাজকৰ্মী তথা ব্যৱসায়ী বিমল কুমাৰ মৌৰৰ সহযোগত প্ৰকৃতি বিষয়ক সংগঠনটোৱে মহকুমাটোৰ বিভিন্ন স্থানৰ বাট-পথ, পদূলি আৰু ৰাজহুৱা স্থানসমূহত সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলি ছেনিটাইজেশ্যন আৰু সজাগতাৰ কাম কৰি আহিছে লক-ডাউনৰ কালচোৱাত।
কাজিৰঙা মৌজা, মহুৰা আৰু ৰঙামাটি মৌজা, বোকাখাত মৌজাৰ বিভিন্ন স্থানৰ লগতে যোৱা ২৫ এপ্ৰিলত বাগৰীৰ হালধিবাৰীৰ বুঢ়ীআই থান পৰিচালনা কমিটিৰ অনুৰোধ ৰক্ষা কৰি হালধি বাৰী থানত গ্ৰাছে চেনিটাইজেচন কৰে আৰু লগতে থানৰ আশে পাশে থকা সমূহ ভোকাতুৰ কপিকুলক বুট আৰু বিস্কুট খাবলৈ দিয়ে।
উল্লেখ্য যে লক-ডাউনৰ বাবে দেশৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ লগতে বাগৰীৰ হালধিবাৰী বুঢ়ীআইৰ থানো বন্ধ থকাত ভক্ত সকলৰ সমাগম শূণ্য হৈ পৰে আৰু ভক্ত সকলে যচা খাদ্য খাই জীৱন ধাৰণ কৰা কপিকুলে খাদ্যৰ অভাৱত দুৰ্গত জীৱন কটাব লগীয়া হৈছে।
সেয়েহে শনিবাৰে গ্ৰাছৰ সদস্য সকলে ভোকাতুৰ কপিকুলক বুট আৰু বিস্কুটৰ আহাৰ খুৱাই কিছু সকাহ দি বন্যপ্ৰাণী প্ৰীতিৰ পৰিচয় ডাঙি ধৰিলে। এই চেনিটাইজেচন অভিযানত গ্ৰাছক সহযোগত কৰে কাজিৰঙাৰ সমাজ কৰ্মী তথা ব্যৱসায়ী ৰিথন সাহাই।













