ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনে ক্ষতি কৰা ৰাজ্য বিধ্বস্ত অৰ্থনীতি যোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ ৰুদ্ধদাৰ বৈঠক।খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থকা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা প্ৰমুখ্যে ৰাজ্য কেবিনেটৰ বহুকেইজন মন্ত্ৰী।
লকডাউনৰ সময়ত ৰাজ্য অৰ্থনীতি কিদৰে সুস্থ অৱস্থাত ৰাখিব পৰা যাব লগতে ইতিমধ্যে বিধ্বস্ত হোৱা ৰাজকোষ কিদৰে টনকিয়াল কৰিব পৰা যায় সেই সন্দৰ্ভত চৰকাৰক বৈঠকত উপস্থিতি থাকি পৰামৰ্শ প্ৰদান কৰা ডিব্ৰুগড়, গুৱাহাটীৰ, আইআইটি ধৰি ৰাজ্য ২৯গৰাকীৰ অৰ্থনীতিবিদে।তিনি ঘণ্টাত কৈ অধিক সময় বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় “ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে।তাৰ ভিতৰত কৃষিৰ, উদ্যোগ, জলসিঞ্চন, বাণিজ্যিক, উৎপাদন আদি বিভিন্ন বিষয়ত হ্ৰস্বম্যাদী-দীৰ্ঘম্যাদী সু-পৰিকল্পিত কৰ্মসূচী গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে”।
তেওঁলোকৰ পৰামৰ্শ পৰা আগন্তক দিনত অসমে যাতে অৰ্থনীতি দিশত স্বাৱলম্বী হব পাৰে।লগতে অসমত থকা অৰ্থ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰা উদ্দেশ্যৰে চৰকাৰক ব্যৱস্থা লবলৈ পৰামৰ্শ দিয়া বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
ক’ৰনা ভাইৰাছৰ এই পৰিস্থিতিৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিভিন্ন অৰ্থনীতি আহৰণৰ কাম অৰ্থাৎ ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় “কৃষি, চাহ উদ্যোগৰ কাম আৰম্ভ হৈছে।শেহতীয়া ভাৱ গ্ৰীণ জন সমূহত দোকান সমূহ মুকলি কৰা হৈছে।পৰ্যায়ক্ৰমে পৰিস্থিতি লগত মুকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰে জনতাৰ সহযোগত কেনেদৰে আগবাঢ়িব লাগিব তাৰ পৰামৰ্শ প্ৰদান কৰিছে”।
ব্লক পৰ্যায়লৈ ট্ৰাক্স ফৰ্চ গঠনৰ পৰামৰ্শ প্ৰদান কৰি অৰ্থনীতিবিদ সকলে ১০০দিনীয়া কৰ্মসূচী গ্ৰহণ কৰি কৃষি, মীন পালন আৰু উদ্যান শস্য ওপৰত অধিক গুৰুত্ব দিয়া কথা চৰকাৰক অৱগত কৰিছে।কৃষক শ্ৰমিক, শিপিনী, যুৱক-যুৱতী সকলক কিদৰে সংস্থাপন কৰিব পৰা যায় তাৰ অধ্যয়ন ট্ৰাক্সফৰ্চ জৰিয়তে কৰা পৰামৰ্শ প্ৰদান কৰিছে।এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী সোনোৱালে।
দক্ষতা সম্পন্ন যুৱক-যুৱতী সকলক বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োগ কৰা পৰামৰ্শ অৰ্থাৎ উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদী গঠন কৰাৰ পৰামৰ্শ দিয়া বুলি তেওঁ লগতে কয়।
আনহাতে যিসমূহ খণ্ডত সম্ভাৱনা আছে তাতে ৰাজহ ব্যয় কৰা প্ৰয়োজনীয়তা আছে।সেইসমূহ খণ্ডত গুৰুত্ব সহকাৰে লগ লাগে বুলি চৰকাৰক পৰামৰ্শ দিয়ে অৰ্থনীতিবিদ সকলে।
ইফালে বৈঠক খনৰ আৰম্ভণিতে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য বৰ্তমান অৰ্থনীতি অৱস্থাৰ তথ্য সহকাৰে দাঙি ধৰে।













