
বুধবাৰে বকলীয়াঘাটত (Bokoliaghat) কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত এখন বিদ্যালয়ৰ ভৱন উদ্বোধন (Inauguration of the school building)। প্ৰায় ৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙে (Tuliram Ronghang)। বিদ্যালয় ভৱনটো উদ্বোধন কৰি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ৰংহাঙে কয় যে শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণমান অধিক উন্নত হৈছে। এনেধৰণৰ অত্যাধুনিক মানসম্পন্ন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষতা বৃদ্ধিৰ লগতে শৈক্ষিক পৰিৱেশ উন্নত কৰিব বুলি তেওঁ উল্লেখ কৰে।

এই ক্ষেত্ৰত অৱদান আগবঢ়োৱা বাবে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনায়। লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এন ই এছ আই ডি এছ (NESIDS) প্ৰকল্পৰ অধীনত কাৰ্বি আংলং জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় মানসম্পন্ন ভৱন নিৰ্মাণৰ বাবে ৭ কোটি ৯৩ লাখ ৭৭ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। এই বিদ্যালয়সমূহত বিজ্ঞানাগাৰ, কম্পিউটাৰ প্ৰশিক্ষণকে আদি কৰি আধুনিক সা-সুবিধাবোৰ উপলব্ধ হ’ব। ইয়াৰ উপৰি বিদ্যালয়ৰ আচবাববোৰো উন্নত মানৰ হ’ব। উল্লেখ্য যে প্ৰথম পৰ্যায়ত বকলিয়াঘাটত এই বিদ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে এই প্ৰকল্পৰ অধীনত ডকমকত এটা আৰু চিন্থং আৰু আমতেৰাঙত দুটা নৱনিৰ্মিত বিদ্যালয় ভৱন বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।













