ASSAM TIMES POST
নগাঁও, ২৮ এপ্ৰিল :
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদৰ দেৱালৰ কাষত এটি নৱজাতকৰ মৃতদেহ পৰি থকাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অবৈধ মাতৃত্বৰ কলংক মোচনৰ বাবে কোনো পাষাণ হৃদয়ৰ লোকে ভুমিষ্ঠ হোৱাৰ পাছতেই নৱজাতকটিক এনেদৰে পেলাই থৈ যায় বুলি স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । চিকিৎসালয়খনৰ দেৱালৰ কাষত পেলোৱা জাৱৰৰ দ’মৰ মাজত পেলাই থোৱা মৃত নৱজাতাকটোৰ পৰা ওলোৱা দুৰ্গন্ধই অঞ্চলটোৰ পৰিবেশ দূষিত কৰি তোলে ।
জাৱৰৰ দ’মটো পৰিষ্কাৰ নকৰা আৰু নৱজাতকৰ মৃতদেহটো উক্ত স্হানৰ পৰা আঁতৰাই নিনিয়াত ৰাইজ ক্ষোভিত হৈ পৰে। আনকি, একাংশ ক্ষোভিত লোকে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক উক্ত এলেকাৰ পৰা নৱজাতকৰ মৃতদেহসহ জাৱৰ দ’ম আঁতৰাই চেনিটাইজ কৰিবলৈ অনুৰোধ জনায়। আনহাতে ৰাইজৰ অনুৰোধক গুৰুত্ব দিয়াৰ সলনি অধীক্ষক গৰাকীয়ে ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।













