ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
অসমৰ তিনি চাহ উৎপাদনকাৰী সংস্থাৰ উমৈহতীয়া মঞ্চৰ দ্বাৰা অসম আৰোগ্য নিধিলৈ মুঠ উনৈশ লাখ টকাৰ বৰঙণি আগবঢ়োৱা হয়। ৰাজ্যৰ তিনি চাহ উৎপাদনকাৰী সংস্থা ক্ৰমে আচাম টি প্লেণ্টাৰ্ছ এচ’চিয়েছন চমুকৈ এটিপিএ, নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটা আৰু ভাৰতীয় চাহ পৰিষদ চমুকৈ বিচিপি ৰ উমৈহতীয়া মঞ্চই ক’ৰণা প্ৰতিৰোধৰ যুঁজখনত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে অসম আৰোগ্য নিধিলৈ এই ধনৰাশি আগবঢ়ায়। এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিছে উমৈহতীয়া মঞ্চৰ হৈ ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে। বিবৃতিটোত উল্লেখ কৰা হয় যে তিনি চাহ উৎপাদনকাৰী সংস্থা ক্ৰমে এটিপিএ তিনি লাখ টকা, নেটাই এঘাৰ লাখ টকা আৰু বিচিপিয়ে পাঁচ লাখ টকা আৰু এইদৰে সৰ্বমুঠ ঊনৈশ লাখ টকা অসম আৰোগ্য নিধিলৈ চেকযোগে প্ৰদান কৰে।
এই সন্দৰ্ভত এটিপিএৰ অধ্যক্ষ ড° নজৰাণা আহমেদে কয় যে এতিয়া এই সংকট কালত আমি ৰাজ্য চৰকাৰৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়োৱা প্ৰধান কাম। ইফালে নেটাৰ অধ্যক্ষ সুনীল জালানে কয় যে চাহ উদ্যোগটো হৈছে অসমৰ সবাতোকৈ পুৰণি আৰু মূলসুঁতিৰ উদ্যোগসমূহৰ এটা প্ৰধান উদ্যোগ। গতিকে এতিয়া মাতৃভূমিৰ বিপদ কালত আমি আগুৱাই আহি কিছু অৰিহণা আগবঢ়াইছো । আনহাতে বিচিপিৰ অধ্যক্ষ নলীন খেমানীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। চাহ উদ্যোগ হৈছে শ্ৰমিক নিৰ্ভৰশীল আৰু ভাৰতবৰ্ষৰ সংগঠিত উদ্যোগ খণ্ডৰ ভিতৰত সৰ্বাধিক সংখ্যক লোক নিয়োজিত কৰা উদ্যোগ। কিন্তু এই সংকট কালত উদ্যোগটোৰ সৈতে জড়িত কোনো শ্ৰমিক কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাব পাৰে বুলি শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে।













