ASSAM TIMES POST
নিউজ ডেস্ক:
“ঋণ মাফ কৰা হোৱা নাই, সামৰ্থ্য থকা সত্বেও যিয়ে ইচ্ছাকৃতভাৱে বেংকৰ ঋণ পৰিশোধ কৰা নাই, তেওঁলোকক ইচ্ছাকৃত ঋণ খিলাপীৰ তালিকাতহে অনা হৈছে মাত্ৰ। ঋণৰ টকা আদায়ৰ যথাসাধ্য চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে।”
পৰিস্থিতি চম্ভালাৰ চেষ্টাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই ভাষ্য।উল্লেখযোগ্য যে দেশৰ ৫০ পুঁজিপতিৰ মুঠ ৬৮,৬০৭ হাজাৰ কোটি টকাৰ ঋণ ৰিজাৰ্ভ বেংকে মাফ কৰা বুলি এক খবৰ ওলাইছে। এই ঋণ অনাদায়ী পুঁজিপতিসকলৰ ভিতৰত স্বামী ৰামদেৱৰ প্ৰতিষ্ঠানক ২,২১২ কোটি, নীৰৱ মোদীৰ প্ৰতিষ্ঠানক ৫,৪২২ কোটি, ঝুনঝুনৱালাৰ প্ৰতিষ্ঠানক ৪,৩১৪ কোটিকে ধৰি দেশৰ ৫০গৰাকী আগশাৰীৰ ধনকুৱেৰৰ নাম আছে।
উল্লেখযোগ্য যে উক্ত পুঁজিপতিসকলৰ উক্ত ধনৰাশি ৰিজাৰ্ভ বেংকে অনুত্পাদক সম্পদৰ হিচাপ বহীৰ পৰা মচি দিছে। এই প্ৰসংগতে মোদী চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, বন্ধুসকলক ৰেহাই দিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে।ইয়াৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰি বিত্তমন্ত্ৰীয়ে টুইটযোগে কয়, “মই ভাবোঁ ৰাহুল গান্ধীয়ে এনেধৰণৰ অভিযোগ অনাৰ পূৰ্বে ডঃ মনমোহন সিঙৰ পৰামৰ্শ ল’ব পাৰিলেহেঁতেন।
ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই অত্যন্ত নিৰ্লজ্জভাৱে দেশৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে। এয়া কংগ্ৰেছৰ পুৰণি অভ্যাস। ঋণ কোনো কাৰণতেই মাফ কৰা হোৱা নাই। কেৱল অনুৎপাদক সম্পত্তিৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।
বকেয়া আদায়ৰ প্ৰক্ৰিয়া চলিবই। ৰিজাৰ্ভ বেংকৰ নিয়ম অনুযায়ী চাৰি বছৰ পৰ্যন্ত কোনোৱে ঋণৰ ধন নিদিলে তাক ইচ্ছাকৃত ঋণ খিলাপীৰ তালিকাত পেলোৱা হয়। এই তালিকাত নাম উঠা মানেই ঋণ মাফ নহয়।”অৱশ্যে বিত্তমন্ত্ৰীৰ বক্তব্যত কিমান সত্যতা আছে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।













