ASSAM TIMES POST
গুৱাহাটীঃ মহানগৰীৰ হাতীগাঁওস্থিত লৰ্ড এপাৰ্টমেণ্টত দিছপুৰ আৰক্ষীৰ অভিযান । অভিযানত আৰক্ষীৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ। As 02f 9305 নম্বৰৰ বাহনখনত ভৰ্ত্তি কৰি ৰাখিছিল Rbrexx আৰু phenerex-ৰ বটল। এই সামগ্ৰীসমূহ ব্যৱহাৰ হয় অবৈধ নিচা জাতীয় দ্ৰব্য হিচাপে।
আৰক্ষীয়ে মেহদি আলম নামৰ এজন ব্যক্তিক কৰায়ত্ব কৰে ৷ব্যক্তি জনৰ ঘৰ নগাঁৱত। প্ৰায় ১ লাখ টকাৰ সামগ্ৰী জব্দ আৰক্ষীৰ। পশ্চিমবংগৰ পৰা অনা হৈছিল সামগ্ৰীখিনি।নগাওঁত বিক্ৰী কৰিবলৈ নিয়াৰ যো-জা কৰি থকাৰ সময়তে জব্দ কৰিলে দিশপুৰ আৰক্ষীয়ে। জানিব পৰা মতে, দিছপুৰ আৰক্ষীৰ দক্ষ এ চি পি হিমাংশু দাসৰ নেতৃত্বতেই এই অভিযান চলিছিল।













