ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰতিদিনে বৃদ্ধি পাই আছি দেশত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যা৷ তাৰ মাজতে উপসাগৰীয় দেশত থকা ভাৰতীয়ক উদ্ধাৰ কৰি অনা কাৰ্য আৰম্ভ হৈছে৷ নৌ সেনাৰ তিনিখন জাহাজ এই উদ্ধাৰ অভিযানত চামিল হৈছে৷ ইয়াত চামিল হৈছে নৌ বাহিনীৰ দ্বিতীয় বৃহত্তম টেংকবাহী জাহাজ আইএনএছ জলাস্ব৷ ক’ৰ’ণাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ৷ এই জাহাজবোৰত প্ৰয়োজনীয় সালসলনি ঘটোৱা হৈছে৷ যাতে যাত্ৰী সংস্পৰ্শলৈ আহিব নোৱাৰে৷ তদুপৰি যাত্ৰীসকলৰ স্বাস্থ্যৰ ওপৰত নজৰ দিবলৈ এটা চিকিৎসকৰ দলো যাব৷ কৰ্ম সূত্ৰে এই মুহূৰ্তত যিসকল ভাৰতীয় বিদেশত আছে তাৰে ৭০ শতাংশ সংযুক্ত আমিৰশ্বাহি, ছৌদি আৰব, কুৱেইট, ওমান, কাটাৰ আৰু বাহৰেইনত আছে৷ উদ্ধাৰ কাৰ্য প্ৰথম পৰ্যায়ত যিবোৰ দেশলৈ যাব সেইবোৰ দেশৰ ভাৰতীয় দূতাবাসে কাম আৰম্ভ কৰিছে৷ দিল্লীৰ সূত্ৰ মতে যিসকল শ্ৰমিকৰ ভিছাৰ ম্যাদ শেষ হৈছে প্ৰথমে সেইসকলক উদ্ধাৰ কৰি অনা হ’ব৷ পুৰুষ, মহিলা, শিশু আৰু বয়স্কসকলৰ বাবে জাহাজত পৃথক ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে তাৰ আগেয়ে ক’ভিড-১৯ পৰীক্ষা কৰা হ’ব৷ যিসকল সংক্ৰমিত হোৱা নাই সেইসকলক জাহাজত তোলা হ’ব৷
নৌ সেনাৰ এজন বিষয়াই দিয়া উদ্ধৃতিত এক সৰ্বভাৰতীয় সংবাদ মাধ্যমে জনাই যে উদ্ধাৰ কাৰ্য চলাবলৈ গৈ ইয়াৰ আগতে বিপদত পৰিছিল মাৰ্কিন আৰু ফ্ৰান্সৰ নৌ সেনা৷ জাহাজত তোলিবৰ সময়ত পাইছিল সংক্ৰমণ৷ সেয়ে জাহাজত তোলাৰ সময়ত সকলোকে পৰীক্ষা কৰা হ’ব৷ জাহাজৰ তলৰ ডেকত মহিলা, শিশু আৰু বয়স্কসকলক ৰখা হ’ব৷ ওপৰৰ ডেক আৰু মুকলি ঠাইত থাকিব পুৰুষ৷ প্ৰত্যেকৰ মাজত নিৰ্দিষ্ট দূৰত্ব বজাই থকাৰ বাবে এই মুহূৰ্তত কাম চলি আছে৷ আনহাতে যাত্ৰা পথত অসুবিধা নপৰিবৰ বাবে খাদ্য আৰু ঔষধ মজুত কৰা হৈছে৷ ভাইজাগ, কোচি আৰু কাৰৱাৰৰ পৰা জাহাজ চলাব বুলি সংবাদ মাধ্যমক জনাইছে নৌ সেনাৰ এজন বিষয়াই৷ চৰকাৰৰ তৰফৰ পৰা সেউজ সংকেট পালেই জাহাজবোৰ ৰাওনা হ’ব৷ কেৱল নৌ সেনাই নহয়, বায়ুসেনা আৰু এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰাও উপসাগৰীয় দেশৰ পৰা ভাৰতীয়ক ঘুৰাই অনাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ একেলগে এশ যাত্ৰীক পৰিবহণৰ সক্ষম বায়ুসেনাৰ ১১-চি-১৭ গ্লোবমাষ্টাৰ বিমান এই উদ্ধাৰ কাৰ্যত নমোৱা হ’ব৷ সকলো মিলি এক লাখৰো অধিক ভাৰতীয়ক উপসাগৰীয় দেশৰ পৰা উদ্ধাৰ কৰি অনাৰ পৰিকল্পনা লোৱা হৈছে৷ ইয়াৰ লগতে নৌ সেনা আৰু বায়ুসেনাক লৈ সাম্প্ৰতিক সময়ত ইমান ডাঙৰ উদ্ধাৰ কাৰ্য চলোৱাৰ পৰিকল্পনা গৃহিত হোৱা নাছিল৷ এই উদ্ধাৰ কৰা সকল দেশ পোৱাৰ পাছত কোনো লোককে ঘৰলৈ পঠোৱা নহ’ব৷ বিদেশৰ পৰা অহা প্ৰত্যেককে দুসপ্তাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব৷ আনহাতে সংক্ৰমিত নহ’লে বা সংক্ৰমণৰ উপসৰ্গ নাথাকিলে তেওলোকক ঘৰলৈ পঠোৱা হ’ব৷ এই কামত চৰকাৰৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷













