ASSAM TIMES POST
নিউজ ডেস্ক:
সন্তানৰ বাবে পিতৃ যে কিমান পৰম-পূজনীয় হ’ব পাৰে সেই কথা এই মুহূৰ্তত কেৱল কণমানি নাচিকেতাই উপলব্ধি কৰিছে।বিশ্বত্ৰাস মহামাৰী সময়ত প্ৰতিজন সন্তানৰ কাষত ছাঁ’ দৰে থিয় দিছে পিতৃয়ে।তেনে সময়ত নাচিকেটাৰ কাষত নাই পিতৃ অখিল গগৈ।লকডাউনৰ বাবে এতিয়া স্কুল বন্ধ দিনটো নাচিকেটা ঘৰতে থাকে। কিন্তু কণমানি সন্তানক লগ দিবলৈ কাষত নাই পিতৃ অখিল।কাৰাৰুদ্ধ পিতৃৰ অনুপস্থিতিয়ে বাৰুকৈ চুইছে কনমানি নাচিকেতাক।জাতিৰ বাবে মাত মাতি বিগত চাৰি মাহ ধৰি ৰাজ্য কাৰাগাৰে কাৰাগাৰে বন্দীত্ব জীৱন পাৰ কৰিছে সংগ্রামী পিতৃ অখিল।
পিতৃৰ অনুপস্থিতিয়ে বাৰুকৈ অনুভৱ কৰি কণমানি পুত্ৰ নাচিকেটা হাতৰ পৰশত প্ৰাণ পাই উঠিছে পিতৃৰ অখিলৰ এখন ছবি।লকডাউনৰ সময়ছোৱাত পিতৃ হাঁহি- মুখীয়া ছবিখন সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰিছে।হয়তো সি পিতৃ নথকা সময়ত সেইয়াই বুকুত লৈ টোপনি যাব।ফটোখন চাই উমলিব।

কণমানি নাচিকেটাক পিতৃক লগ নপোৱাৰ কাতৰ বেদনাই বুকুত হয়তো বাৰুকৈ আঘাত কৰিছে।
আনহাতে কণমানি পুত্ৰ হাতত প্ৰাণ পাই উঠা পিতৃ অখিলৰ ছবিখন পত্নী গীতাশ্ৰী তামুলীয়ে ফেচবুকৰ একাউণ্টত প্ৰকাশ কৰিছে।ছবিখন প্ৰকাশ কৰি ৰামে প্ৰয়োজনত সোণৰ সীতা সজোৱা ৰাময়নৰ কাহিনীৰ সৈতে তুলনা কৰিছে।পত্নীয়ে ফটো খনৰ সৈতে লিখিছে এইদৰে “অনুপস্থিতিত উপস্থিতি ৰামে সোণৰ সীতা সজাইছিল প্ৰয়োজনত।আমাৰ লৰাই অব্যক্ত দু:খানুভৱত নেকি নাজানো,এইখন সম্পূৰ্ন কৰিবলৈ লাগি আছে “

তাপৰ্য পূৰ্ণ কথা এই যে যোৱা ১২ডিচেম্বৰত কা’ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈক।তাৰ পিছৰে পৰা এটাৰ পিচত আন এটা গোচৰত আজি পৰ্যন্ত কাৰাগাৰ বন্ধ কোঠৰীত সময়বোৰ পাৰ কৰিছে সংগ্রামী অখিলে। বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আছে অখিল।













