ASSAM TIMES POST
গুৱাহাটী : লকডাউনৰ মাজতে গুৱাহাটীৰ চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাঁচটাকৈ দুধর্ষ চোৰক।শিলপুখুৰীস্থিত পঞ্চৱতী আশ্ৰমৰ পৰা যোৱা ২৭এপ্ৰিলত সংঘটিত হোৱা চুৰি কাণ্ডত জড়িত আছিল ধৃত চোৰকেইটা।এই কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে চান্দমাৰী আৰক্ষীয়ে।


উল্লেখ যে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিছিল গান্ধীবস্তি ৰেল লাইনৰ সমীপৰ পৰা ধৃত চোৰ কেইটাক।ছাফিকুল ইছলাম(২৮)ধুবুৰী বেপাৰীপট্টি, মেহবুব আলী(১৯)মানকাচাৰ, জাহিৰুল আলী(১৯) বৰপেটা কলগাচিয়া আৰু কাইম আলী(১৮) ধুবুৰীৰ বেপাৰীপট্টি।আনহাতে গ্ৰেপ্তাৰ হোৱা এটা চোৰ ১২বছৰীয়া নাবালক ঘৰ দৰং জিলা নিমতুলী।
ধৃত চোৰ কেইটা পৰা উদ্ধাৰ কৰা হৈছে আশ্ৰম খনৰ বহু পুৰণি কাহ-পিতলৰ সম্পদৰ লগতে কিছু সন্মান সামগ্ৰী।ইয়াৰ উপৰিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিটাকৈ মোবাইল ফোন।ধৃত চোৰ কেইটাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।













