ASSAM TIMES POST
নিউজ ডেস্ক:
এইবাৰ যেন কৰোনা যুঁজাৰুৰ বৰঘৰতে আক্ৰমণ কোভিড১৯ৰ। ৰাজ্যৰ কৰোনা যুঁজাৰুসকলক নেতৃত্ব বহন কৰি অহা খোদ মুখ্যমন্ত্ৰীগৰাকীয়েই যেন এতিয়া ভাবুকিৰ সন্মুখীন হ’বলগা হৈছে এই অচিন শত্ৰুৰ পৰা। তেনে এক আশংকাই দেখা দিছে ৰাজ্যত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী NSG জোৱানক বুধবাৰে কোৱাৰেনটাইনলৈ প্ৰেৰণৰ পিছতে এই শংকা ঘনীভূত হৈ পৰিছে।
উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী NSG জোৱানজন জ্বৰ-কাহত ভুগি আছিল। ইয়াৰ ফলত শংকিত হৈ পৰে সতীৰ্থ জোৱানসকল। তেওঁলোকৰ সন্দেহ, উত্তৰাখণ্ডৰ এই জোৱানজনৰ দেহত কোভিড১৯ সংক্ৰমিত হৈছে। লগে লগে অৱগত কৰোৱা হয় শীৰ্ষ বিষয়াক।
ইয়াৰ পিছতে উক্ত জোৱানজনক কোৱাৰেনটাইনৰ ব্যৱস্থা কৰা হয়। আনহাতে, আজি জোৱানজনৰ কোভিড১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়। পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব জোৱানজন প্ৰকৃততে কোভিড১৯ সংক্ৰমিত হয়নে নহয়। যদি ফলাফল পজিটিভ ওলায় তেতিয়াহ’লে প্ৰতিগৰাকী নিৰাপত্তৰক্ষীয়ে যাব লাগিব কোৱাৰেনটাইনলৈ।
উল্লেখনীয় কথাটো হ’ল, ইয়াৰ ফলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাস্থ্যৰ প্ৰতিও আহিব পাৰে নেকি ভাবুকি? ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে ৰাজ্যিক প্ৰশাসন। কিয়নো মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীসকল মুখ্যমন্ত্ৰীৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।













