ASSAM TIMES POST
নিউজ ডেস্ক :
অসমত পুনৰ এজন ক’ৰোনা আক্ৰান্ত চিনাক্ত হৈছে। তেওঁ হ’ল কৰিমগঞ্জ জিলাৰ। প্ৰথমে আজি বঙাইগাঁৱত চাৰিগৰাকীৰ ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ উপস্থিতি পৰিছিল। কিন্তু কৰিমগঞ্জৰ জনক ধৰি মুঠ পাঁচজন ক’ৰোনা আক্ৰান্ত চিনাক্ত হ’ল।

এইকথা প্ৰকাশ কৰিছে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
টুইটাৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত ৪২জনলৈ বৃদ্ধি পালে ক’ৰোনাৰ আক্রান্ত। নতুন আক্রান্ত কেইজনৰ সৈতে এতিয়া ৰাজ্যত ১২জনলৈ বৃদ্ধি পালে চিকিৎসাধীন ৰোগী সংখ্যা।













