ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ৰাজ্যিক ভিত্তিত ভাৰতৰ কোভিড১৯ৰ বিৰুদ্ধে যুঁজৰ আন্তঃগাঁথনিৰ বিস্তৃত তথ্যত অসমৰ স্থান অতি পুতৌলগা। দেওবাৰে প্রকাশ কৰা তথ্যত বিশেষকৈ কোন কোন ৰাজ্যত আইচ’লেচন বিছনা, ভেণ্টিলেটৰ আৰু আই চি ইউৰ ঘাটি আছে সেই দিশটোত গুৰুত্ব দিয়া হয়।
এক বৈঠকত উত্থাপন কৰা এই তথ্য মতে, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসমৰ সৰ্বাধিক সংখ্যক জিলাত ওপৰত উল্লেখিত তিনি প্ৰকাৰৰ সৰঞ্জামৰ ঘাটি আছে। উক্ত তথ্য দাঙি ধৰা হয় ২৩ এপ্ৰিললৈকে প্ৰাপ্ত প্ৰতিবেদনৰ ভিত্তিত।
দেশৰ কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত ৰাজ্যসমূহৰ স্বাস্থ্য সচিবসকল উপস্থিত আছিল।
বৈঠকত দাঙি ধৰা তথ্য মতে, দেশৰ ১৮৩খন জিলাত ১০০খনতকৈ কম আইচ’লেচন বিছনা আছে, য’ৰ ৬৭খন জিলাত কৰোনা সংক্ৰমণ আছে। উত্তৰ প্ৰদেশৰ ৭৫ খনৰ ভিতৰত ৫৩খনত ১০০খনতকৈ কম আইচ’লেচন বিছনা থকা বুলি তথ্যটোত দেখুওৱা হৈছে, যাৰ ভিতৰত ৩১খন জিলাত কৰোনাৰ তথ্য পোৱা গৈছে।
এই ঘাটিৰ তালিকাত বিহাৰ আছে দ্বিতীয় স্থানত। বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত ২০খনত ১০০ খনতকৈ কম আইচ’লেচন বিছনা আছে, যাৰ ভিতৰত ৯খন জিলাত এতিয়ালৈকে কৰোনা সংক্ৰমণ ঘটিছে।
একেদৰে তৃতীয় স্থানত থকা অসমত এই সংখ্যা ১৯। অৰ্থাৎ অসমৰ ৩৫খন জিলাৰ ভিতৰত ১৯খনত ১০০খনতকৈ কম আইচ’লেচন বিছনা আছে আৰু ইয়াৰে ৬খন জিলাত কৰোনা সংক্ৰমণ ঘটিছে।
উক্ত তথ্য মতে, দেশৰ ১৪৩খন জিলাত কোনো আইচ’লেচন বিছনা নাই আৰু ইয়াৰে ৪৭খন জিলাত কৰোনা সংক্ৰমণ ঘটিছে। এইক্ষেত্ৰতো ৩৪খন জিলাৰে ৰাজ্য হিচাপে শীৰ্ষত আছে উত্তৰ প্ৰদেশ, য’ত ১৯খন জিলালৈ ইতিমধ্যে সংক্ৰমণ ঘটিছে।
আনহাতে, সমগ্ৰ দেশত মুঠ ১২৩খন জিলাত কোনো ভেণ্টিলেটৰ নাই, ইয়াৰে ৩৯খন জিলাত কৰোনা সংক্ৰমণ আছে। এইক্ষেত্ৰতো শীৰ্ষত উত্তৰ প্ৰদেশ– ৩৫খন জিলাৰ ভিতৰত ২০খনত সংক্ৰমণ ঘটিছে। এইক্ষেত্ৰত বিহাৰ ২৫খন আৰু অসম ১৭খন জিলাৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে, য’ত ক্ৰমে ১০ আৰু ৩খন জিলাত সংক্ৰমণ ঘটিছে।













