ASSAM TIMES POST
নিউজ ডেস্ক:
শুকুৰবাৰে এক নির্দেশযোগে বহিঃৰাজ্যত আবদ্ধ হৈ থকা পৰ্যটক, শ্ৰমিক, শিক্ষাৰ্থী তথা অন্যান্য ব্যক্তিসকলক ৰেলযোগে নিজ নিজ ৰাজ্যলৈ উভতাৰ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইয়াৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিব ৰেল বিভাগে।
গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুযায়ী, ৰেল মন্ত্ৰালয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় স্থাপনৰ বাবে নডেল বিষয়াসকলক দায়িত্ব প্ৰদান কৰিছে।
আনহাতে, টিকট বিক্ৰী, ষ্টেচনসমূহ আৰু ৰেলৰ ভিতৰত পালন কৰিবলগা নিয়মসমূহ, সামাজিক ব্যৱধান আদি নিৰ্দেশ সম্বলিত পৃথক আৰু বিস্তৃত গাইডলাইন প্ৰকাশ কৰিব ৰেল বিভাগে। প্ৰথমখন বিশেষ ৰেলে শুকুৰবাৰে কেৰালাৰ পৰা উৰিষ্যালৈ যাত্ৰা আৰম্ভ কৰিব বুলি প্ৰকাশ। এই বিশেষ ৰেলখনে ১২০০ প্ৰব্ৰজিত শ্ৰমিকক লৈ আলোৱাৰ পৰা ভুৱনেশ্বৰলৈ যাত্ৰা কৰিব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বহিঃৰাজ্যত আবদ্ধ হৈ থকা বিভিন্ন ব্যক্তিক ৰাজ্য চৰকাৰসমূহৰ নিজস্ব ব্যৱস্থাত বাছেৰে নিজ নিজ ৰাজ্যলৈ স্থানান্তৰণৰ নিৰ্দেশ দিছিল গৃহ মন্ত্ৰালয়ে।













