ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
ক’ৰ’ণাই বিশ্বত সন্ত্ৰাস চলাই থকা সময়ত দেশবাসীয়ে তলাবন্ধৰ পালন কৰি ঘৰত সোমাই আছে তেনে সময়ত পৌৰসভা এলেকাত হৰিজন ভাই-ভনীসকলে চাফা কৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাইজৰ সেৱাত ব্ৰতী আছে। ভনীসকলক সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু গোলাঘাট জিলা সমিতিৰ উদ্যোগত প্ৰাক্তন পৌৰপতি জুৰি ৰাজখোৱা, আটাছু গোলাঘাট জিলাৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈ, আটাছু কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনীল গগৈ, জিলা কাৰ্যকৰী সভাপতি পংকজ গগৈ, যুটীয়া সম্পাদক গৌতম লাহন, মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ ৰাজ কোঁৱৰ, মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ, জিলা কাৰ্যনিবাহক মনোজ বুঢ়াগোঁহাই আদিৰ উপস্থিতিত শুকুৰবাৰে গোলাঘাট পৌৰসভা কাৰ্যালয়ত বিহুৱান, মাস্ক, হাত মোজা আদি বিতৰণ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।













