ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিশুস্তিন ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ বৃহস্পতিবাৰে তেওঁ এক ভিডিঅ’ কনফাৰেন্স যোগে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁ এই কথা জনায়৷
ইয়াৰ লগতে তেওঁ জনায় যে সহকৰ্মীসকলৰ ৰক্ষাৰ স্বাৰ্থত নিজকে গৃহবন্দী কৰিছে৷ আনহাতে তেওঁৰ পৰিবৰ্তে অস্থায়ীভাৱে প্ৰধানমন্ত্ৰীৰ পদত কোনো এজনক নিযুক্ত কৰিবলৈ পুটিনক অনুৰোধ কৰে৷ ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ পাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশু আৰোগ্যৰ কামনা কৰিছে৷ শুকুৰবাৰে টুইট কৰি তেওঁৰ আশু আৰোগ্যৰ কামনা কৰে মোডীয়ে৷ টুইটত মোডীয়ে লিখে, প্ৰাৰ্থনা কৰিছো ৰাছিয়াৰ প্ৰধানমন্ত্ৰী দ্ৰুত সুস্থ হৈ উঠক৷













