ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
গোলাঘাটত সাময়িকভাৱে ক’ৰ’ণা মুক্ত হোৱা সময়তে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হয় চাৰিজন লোকক। ইয়াৰে দুজন বাংলাদেশৰ পৰা অহা, এজন কলিকতাৰ আৰু আনজন নুমলীগড়ৰ যুৱকক বুলি জনা গৈছে৷ উল্লেখ্য যে বাংলাদেশৰ পুৰিগ্ৰাম জিলাৰ পৰা অহা আব্দুল খালেক আৰু মহম্মদ নুৰ আলম নামৰ দুজন বাংলাদেশী লোক চলিত বৰ্ষৰ ১ জানুৱাৰীত সম্পূৰ্ণ আইনগতভাৱে ব্যৱসায় সূত্ৰে গোলাঘাটৰ দেৰগাঁৱলৈ আহিছিল বুলি জনা গৈছে।
ইপিনে কলিকতাৰ মুকুল মিত্ৰ আৰু নুমলীগড় অঞ্চলৰ অমিত তাঁতীক সন্দেহমৰ্মে গোলাঘাট জিলা প্ৰশাসনে বোকাখাতত আছুতীয়া কক্ষত ৰখা হৈছিল। আজি মুকুল মিত্ৰ নামৰ ব্যক্তিজনৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত স্বাস্থ্য পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয়৷ সম্প্ৰতি মুকুল মিত্ৰক আইশ্যলেছনত ৰখাৰ বিপৰীতে বাকীসকলক পুনৰ বোকাখাতৰ নি কোৱাৰেণ্টাইন কক্ষত ৰখা হ’ব বুলি জানিব পৰা যায়৷ অন্যহাতে গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা মহিলাগৰাকীক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়৷ বৰ্তমান মহিলাগৰাকীক গোলাঘাট নগৰৰ এনেজৰী বিবাহ ভৱনৰ অস্থায়ী শিবিৰত ৰখা হয়৷













