ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
কাজিৰঙাৰ জ্যেষ্ঠ নাগৰিকৰ মহানুভৱতাই সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৭৪ বছৰ বয়সীয়া কাজিৰঙা নিৱাসী পেঞ্চনাৰ লক্ষী পাত্ৰই পেঞ্চনৰ ধনেৰে আজি শ্ৰমিক দিৱসৰ দিনা কাজিৰঙাৰ ১৫০ কৰ্মহীন শ্ৰমিক পৰিয়ালক বিলালে বিভিন্ন খাদ্য-সামগ্ৰী৷ কাজিৰঙাৰ কহঁৰা, পিলখানা, বগৰিজুৰী আদি এলেকাত চাউল, দাইল, চয়াবিন আদি খাদ্য-সামগ্ৰীৰ লগতে চাবোন প্ৰদান কৰি তেখেতে কয় যে কভিড-১৯ৰ বাবে দেশত যি দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে তাৰ বাবে কৰ্মহীন হৈ পৰিছে বহু শ্ৰমিক৷
কাজিৰঙা এলেকাতো কাম কৰিবলৈ যাব নোৱাৰাৰ বাবে পেট প্ৰবৰ্তাবৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে৷ সেয়ে আজি শ্ৰমিক দিৱসৰ দিনা কাজিৰঙাৰ ১৫০ টা কৰ্মহীন হৈ ঘৰতে বহি থকা আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালক খাদ্য-সামগ্ৰীখিনি বিতৰণ কৰে৷ অসম পৰ্যটনৰ অৱসৰপ্ৰাপ্ত চতুৰ্থবৰ্গৰ কৰ্মচাৰী লক্ষী পাত্ৰৰ এই কাৰ্যক প্ৰশংসা কৰিছে কাজিৰঙাবাসীয়ে৷













