ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
আজি পহিলা মে’। শ্ৰমিক দিৱস। দেশত কৰ’ণা প্ৰতিৰোধৰ বাবে লক-ডাউন চলি আছে। শ্ৰমহীন হৈ আছে শ্ৰমিক। সেয়েহে বোকাখাতত ফিডিং ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ আৰু বোকাখাত মাৰোৱাৰী যুৱ মঞ্চ আগবাঢ়ি আহিছে লক-ডাউনে শ্ৰমহীন কৰা বোকাখাতৰ ৩০০ টা দৰিদ্ৰ শ্ৰমিক পৰিয়াললৈ খাদ্য সামগ্ৰীৰ সাহায্য দিবলৈ। এই উদ্দেশ্যে আজি ফিডিং ইণ্ডিয়াৰ উদ্যোগত আৰু বোকাখাত মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বোকাখাত পৰিদৰ্শন বঙলা প্ৰাংগনত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই প্ৰথম পৰ্যায়ত বোকাখাতৰ ১৩ টা চাফাই কৰ্মী পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীৰ টোপোলা।
এই খাদ্য সাহায্যত প্ৰতি পৰিয়াললৈ আগবঢ়োৱা হয় ১০ কিলো চাউল, ২ কিলো দাইল আৰু ১ কিলোকৈ নিমখ। অনুষ্ঠান দুয়োটাৰ বিষয় ববীয়াৰ লগতে এই কাৰ্যসূচীত উপস্থিত আছিল বোকাখাতৰ উপ পৌৰপতি সঞ্জীৱ শইকীয়া, বোকাখাত অগপৰ জিলা সভাপতি জগত কলিতা, সমাজকৰ্মী ভাস্কৰ কালিন্দী আদি। আনহাতে বোকাখাতৰ ম’হমাইকী গাঁৱত মন্ত্ৰী গৰাকীয়ে কৃষকৰ মাজত আজি কৃষি বীজ বিতৰণ কৰে।













