ASSAM TIMES POST
অবিভক্ত নগাঁৱত প্ৰথম পৰ্যায়ত ১০০জন, দ্বিতীয় পৰ্যায়ত ৭৮জনৰ কভিড-১৯নিগেটিভ
নগাঁও: ক’ভিড-১৯ৰ আতংকৰ মাজতে আজি নগাঁও জিলাৰ তিনি খন চিকিৎসালয়ত মুঠ ১৪গৰাকী লোকক কোৱাৰেন্টাইন কৰা হৈছে।এই লোক সকলৰ ভিতৰৰ ৯গৰাকীক উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত, ৩গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আৰু দুগৰাকীক মোৱামাৰী চিকিৎসালয়ত কোৱাৰেন্টাইন কৰা হৈছে বুলি নগাঁৱৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে।
বহি:ৰাজ্যৰ পৰা অহা এই লোক সকল চৰ্দি, জ্বৰ আৰু কাহত আক্ৰান্ত হোৱাত তেওঁ লোকক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন কৰা হয়।কাইলৈ এওলোকৰ নমূনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠিওৱা হ’ব।স্মৰ্তব্যযে, উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত যোৱা কালিও আন ৯ গৰাকী লোকক কোৱাৰেন্টাইন কৰা হৈছিল।তাৰোপৰি, গুজৰাটৰ পৰা পদব্ৰজে আহি নগাঁৱত উপস্থিত হোৱা যাদৱ গগৈ নামৰ লোক জন আজি পৰ্যন্ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কোৱাৰেন্টাইন হৈ আছে।
ইতিমধ্যে তেওঁ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নমূনাৰ পৰীক্ষা সম্পন্ন হৈছে আৰু দুয়ো বাৰেই তেওঁৰ ক’ভিড-১৯নিগেটিভ ওলাইছে।অৱশ্যে তেওঁৰ তৃতীয় পৰ্যায়ৰ ক’ভিড পৰীক্ষা কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা আৰু জানিব পৰা মতে, যোৱা কালি পৰ্যন্ত অবিভক্ত নগাঁও জিলাত বিভিন্ন সময়ত বিভিন্ন চিকিৎসালয়ত কোৱাৰেন্টাইন হোৱা মুঠ ১০১গৰাকী লোকৰ প্ৰথম পৰ্যায়ৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱা হৈছে।
ইয়াৰে ১০০গৰাকী লোকৰেই ক’ভিড-১৯নিগেটিভ ওলাইছে।অৱশ্যে এগৰাকী লোকৰ প্ৰথম পৰ্যায়ৰ নমূনা পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।আনহাতে, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি কৰা দ্বিতীয় পৰ্যায়ৰ নমূনা পৰীক্ষা কৰোৱা হৈছিল মুঠ ৭৮গৰাকী লোকৰ।স্বস্তিৰ খবৰ এইযে এওঁলোকৰ আটাইৰে ক’ভিড-১৯ নিগেটিভ ওলাইছে।
আজি পৰ্যন্ত জিলা খনৰ বিভিন্ন চিকিৎসালয়ত ১৬২গৰাকী লোকক কোৱাৰেন্টাইন কৰা হৈছে।ইয়াৰে ১৩৯গৰাকী লোকক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে অথবা ঘৰতেই কোৱাৰেন্টাইন কৰা হৈছে।আজিৰ দিনটোত নগাঁও জিলাৰ তিনি খন চিকিৎসালয়ত মুঠ ২৪গৰাকী লোক কোৱাৰেন্টাইন হৈ আছে।













