ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ সময়ত গৃহবন্দী জনতাক বিনোদনৰ বাবে অসমীয়া জনপ্ৰিয় ছবি বৰনদী ভটিয়ায় অনলাইনত মুকলি ব্যৱস্থা।মাজুলীৰ পটভূমিত অনুপম কৌশিক বৰা কাহিনী, পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত অসমীয়া ছবি ‘বৰনদী ভটিয়ায়’ প্ৰায় এবছৰ আগতেই মুক্তি লাভ কৰিছিল।
২০১৯ বৰ্ষৰ মে মাহৰ ৩তাৰিখে ছবিগৃহলৈ অহা ছবিখনে চতুৰ্থ সপ্তাহ পৰ্যন্ত অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল।ছবিগৃহত চাই আমনি নলগা ছবিখন পুণৰ চোৱাৰ সুবিধা কৰি দিবৰ বাবে অসম তথা অসমৰ বাহিৰৰ পৰা বহু চিনেমাপ্ৰেমীয়ে চ’চিয়েল মিডিয়াত আহ্বান জনোৱা পৰিলক্ষিত হোৱা বুলি জানিব দিয়ে চিনেমা খনৰ প্ৰয়োজক অনুপম কৌশিকে ।
সেয়েহে সাম্প্ৰতিক পৰিস্থিতি ত সকলোৱে ঘৰতে বহি বৰনদী ভটিয়ায় ছবিখন অনলাইন চোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ বুলি কয় প্ৰযোজক গৰাকীয়ে ৷অহা ১ মে’ ২০২০ শুক্ৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা ইচ্ছুক দৰ্শকে www.moviesaints.com ত ছবিখন চাব পাৰিব লগতে সবিশেষ জানিবলৈ বৰনদী ভটিয়ায়ৰ ফেচবুক পেজত চাব পাৰে বুলি জনাই প্ৰযোজক গৰাকীয়ে ৷













